Narcotics, Currency Seized Near Indo-Myanmar Border : মিজোৰামত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু ভাৰতীয় মুদ্ৰা

নিউজ ডেস্ক,৭ এপ্ৰিল : চুবুৰীয়া ৰাজ্য মিজোৰামত অসম ৰাইফলছৰ পৃথক পৃথক অভিযান । অভিযানত ম্যানমাৰীজ মুদ্ৰা আৰু ভাৰতীয় মুদ্ৰাৰ লগতে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ(Narcotics, Currency Seized Near Indo-Myanmar Border) ।
পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত অসম ৰাইফলছৰ মাৰাথন অভিযান। অভিযানত চিয়াহা জিলাৰ জাংলিয়াঙত জব্দ কৰে বৃহৎ পৰিমানৰ ম্যানমাৰীজ মুদ্ৰাৰ লগতে ভাৰতীয় মুদ্ৰা ।
জানিব পৰা মতে, অসম ৰাইফলছে দুই ম্যানমাৰীজ নাগৰিকৰ লগতে দুজন ভাৰতীয় নাগৰিকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ৭,৭৪,৭৪,৫০০ ম্যানমাৰীজ মুদ্ৰা । লগতে ১,০১,০১৫ভাৰতীয় টকা। লগতে অসম ৰাইফলছে জব্দ কৰে পাঁচখনকৈ টাটা যোদ্ধা বাহন।
ইফালে দ্বিতীয়টো অভিযানত চাম্ফাই জিলাৰ জখাওথাৰ অঞ্চলত অভিযান চলাই এজন ম্যানমাৰীজ নাগৰিকৰ পৰা জব্দ কৰে ২৬.৪৬৯ কিলো নিচাযুক্ত মেথামফেটামাইন টেবলেট।
জব্দকৃত টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মুল্য প্ৰায় ৮০ কোটি টকা।
লগতে পঢ়ক : Tragic Accidents in Goalpara : বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত,নিহত ২জন, আহত ৬জন