Watch | Namtola police have achieved a major success: নামতোলা আৰক্ষীৰ বৃহৎ সাফল্য
গুৱাহাটী: চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলা আৰক্ষী চকীৰ অন্তৰ্গত নামতোলাত আৰক্ষীৰ বৃহস্পতি বাৰে নিশা চলোৱা এক বিশেষ অভিযানত দুটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা কিছুদিন ধৰি চৰাইদেউ জিলাৰ পৰা কেইবাখনো বাইক চুৰি হোৱা ঘটনা পোহৰলৈ আহিছে। এই বাইকসমূহৰ গৰাকীয়ে ইতিমধ্যে নিজ নিজ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
তাৰ সমান্তৰালকৈ আৰক্ষীয়েও চোৰক বিছাৰি নিজৰ অভিযান অব্যাহত ৰাখিছে। নামতোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰুৱাই গোপন শুত্ৰৰ পম খেদি দুটা বাইক চোৰ সহ দুখনকৈ বাইক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰে মথুৰাপুৰৰ চাহিল আলি আৰু জেঙ্গলীকটীয়াৰ জমিৰ আলি নামৰ দুই যুৱকক। লগতে দুখনকৈ পালচাৰ বাইক উদ্ধাৰ কৰা হয়। বৰ্তমান দুয়োকে শিৱসাগৰ আৰক্ষীয়ে নিজ জিম্মাত লৈ গৈছে বুলি জানিব পৰা গৈছে।