Local, Vocal, Global

Namti road accident: নামতি মিছাজানত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা

গেলেকী: খোজেৰে গৈ থকা অৱস্থাত AS-04-AE 8395 নম্বৰ মটৰচাইকেলখনে মহতিয়াই নিয়ে এজন ব্যক্তিক৷দূৰ্ঘটনাত নিহত হয় ব্যক্তিজন আৰু আনহাতে আহত দুই মটৰচাইকেল আৰোহী ৷শিৱসাগৰ জিলাৰ মিছাজান কুমাৰগাঁৱত পথ দূৰ্ঘটনাটো সংঘটিত হয় ৷


জানিব পৰা মতে, মিছাজান কুমাৰ গাঁৱৰ নিবাসী চন্দ্ৰ কলিতা (৫৬) নামৰ ব্যক্তিজনে খোজেৰে গৈ থকা অৱস্থাত AS-04-AE 8395 নম্বৰ মটৰচাইকেলখনে মহতিয়াই নিয়ে৷


ফলত ব্যক্তিজন গুৰুতৰ ভাৱে আহত হয় লোকজন৷ লগে লগে স্থানীয় দুজনমান সচেতন যুৱকে নামতি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ ভাৱে আহত ব্যক্তি জনৰ লগতে আহত হোৱা দুই মটৰচাইকেল আৰোহী ক্ৰমে, মন্টু বৰা আৰু পিকু বৰা নামৰ যুৱক দুজনকো ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷

চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত চন্দ্ৰ কলিতা নামৰ লোকজনৰ অৱস্থা অতি সংকটজনক আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে চন্দ্ৰ কলিতা নামৰ ব্যক্তিজনে কৰুণ মৃত্যুক সাৱটি লয়৷ ইতিমধ্যে নামতি আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখন।