Namrup OC Allegedly Shoots Self : নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা OC ৰ
ডিব্ৰুগড়, ২ ফেব্ৰুৱাৰী : লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ ঘটনা । নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ আত্মহত্যা। নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা OC গোৱালাৰ( Namrup OC Allegedly Shoots Self; Woman Left Injured)।
শুকুৰবাৰে নিশা ডিব্ৰুগড়ত সংঘটিত হয় এই ঘটনাটো ।
ইফালে এই ঘটনাত আহত হয় এগৰাকী মহিলাও। মহিলাগৰাকীক গুলীয়াই আহত কৰে OC অনুপম গোৱালাই। বৰ্তমান AMCHত চিকিৎসাধীন বিষ্ণুপ্রিয়া গগৈ নামৰ মহিলাগৰাকী ।বিপুল গগৈ নামৰ এজন লোকৰ ঘৰত নিশা সংঘটিত এই ঘটনা। খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হয়গৈ শীৰ্ষ আৰক্ষী বিষয় । ৰহস্য উদ্ঘাটনৰ বাবে তীব্ৰ তৎপৰতা আৰক্ষীৰ( Namrup OC Allegedly Shoots Self) ।
লগতে পঢ়ক : প্ৰখ্যাত নাট্যকৰ্মী দুলাল ৰয়লৈ সংগীত নাটক একাডেমীৰ ‘একাডেমী ৰত্ন’ সন্মান