Local, Vocal, Global

Namrup BVFCL : বন্ধ নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং আধুনিকীকৰণহে কৰা হ’ব

নিউজ ডেস্ক, ২৬ জুলাই : মঙলবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত নামৰূপৰ সাৰ কাৰখানাৰ (Namrup BVFCL)সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰসায়ন তথা সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়(Brahmaputra Valley Fertilizer Corporation Limited)। বৈঠকত অসমৰ সাৰ কাৰখানাটোৰ গুৰুত্ব সন্দৰ্ভত দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মাজত বিতং আলোচনা হয়(Namrup Fertiliser Plant will not be closed)।

আলোচনাৰ অন্তত মনসুখ মাণ্ডৱিয়াই (Central Minister Mansukh Mandaviya) স্পষ্ট কৰি দিয়ে যে- নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ ক’ৰ্প’ৰেচন লিমিটেড সাৰ প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ’ব (BVFCL)। ইয়াৰ বাহিৰেও, এটা নেনো ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ’ব যাতে সংশ্লিষ্ট লোকসকলে নিযুক্তি লাভ কৰে। তাৰ পৰা উৎপাদিত ইউৰিয়া আৰু নেনো ইউৰিয়া অসম, উত্তৰ-পূব আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উপযোগী হ’ব।

উল্লেখ্য যে অসমৰ কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে লোকসভাত নামৰূপ সাৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত ভাৰতীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই কৈছিল যে, নীতি আয়োগৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ এক বৈঠকত সাৰ কাৰখানা বন্ধ কৰা আৰু অন্যান্য নগণ্য ৰাজহুৱা উদ্যোগসমূহ ব্যক্তিগতকৰণ বা বন্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছিল।

শেহতীয়াকৈ এই কাৰখানাটো বন্ধ হোৱাৰ খবৰ পোৱাৰ পিছতেই কাৰখানাটোৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল আৰু প্ৰতিবাদ কৰাৰ ভাবুকি দিছিল। সাৰ কাৰখানা বন্ধ হোৱাকলৈ বিৰোধিতা কৰিছিল বহু দল সংগঠনে আনহাতে প্ৰতিবাদতো বহিছিল একাংশই ।

উল্লেখ্য যে সম্প্ৰতি নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ ৷ ১৯৬৯ চনত আৰম্ভ হৈছিল নামৰূপ সাৰ কাৰখানা । ১৯৮৬ চনত স্থাপন হোৱা তৃতীয় ইউনিটো বর্তমানো চলি আছে ৷ ২০২১ চনত ১শ কোটি টকা দিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ২ আৰু ৩ নম্বৰ ইউনিটটোৰ বাবে দিয়া হৈছিল ধনখিনি ৷ ইয়াৰে ৩ নম্বৰ ইউনিটটো মেৰামতি কৰি চলাই আছে যদিও ইয়াৰ মেচিনসমূহ ৩৬ বছৰ হোৱা হেতুকে আৰু কিমান দিন চলিব তাৰ কোনো নিশ্চিয়তা নাই ৷ চতুর্থ গোট স্থাপনৰ বাবে সকলোৰে দাবী আছিল আৰু ইয়াৰ প্ৰক্ৰিয়া চলি আছে ।

উল্লেখ্য লোকসভাৰ সদনত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভগৱন্ত খুবাই বিগত বৰ্ষৰ ১২ আগষ্টত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত অনুষ্ঠিত গ্রুপ অব্ অফিচাৰ্ছৰ এখন গুৰুত্বপূৰ্ণ বৈঠকে ব্ৰহ্মপুত্ৰ ভেলি ফার্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড বন্ধ কৰাৰ বাবে পৰামর্শ দিছে বুলি অৱগত কৰাৰ পিছত নামৰূপৰ লগতে সমগ্ৰ উজনি অসমৰ ৰাইজ ক্ষোভত ফাটি পৰিছিল । আনহাতে উজনিৰ বিভিন্ন স্থানত ধৰ্ণা প্ৰতিবাদত উত্তাল হৈ পৰিছিল ।

লগতে পঢ়ক : Rahul Gandhi replies to Modis speech : আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি মণিপুৰৰ চকুলো মচিম, প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ