Local, Vocal, Global

WATCH | Nalbari Theft : নলবাৰী জিলাৰ বলোৱা সহায়ক স্বাস্থ্য কেন্দ্ৰত চুৰিকাণ্ড

নলবাৰী,২জুন : নলবাৰী জিলাৰ বলোৱা সহায়ক স্বাস্থ্য কেন্দ্ৰত চুৰিকাণ্ড। নিশা নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তর্গত বলোৱা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ পৰা চোৰে আঠটাকৈ চ’লাৰৰ বেটেৰী, ইনভাৰ্টাৰ সহ দুটাকৈ ইনভার্টাৰৰ বেটেৰী, চি চি টিভিৰ লগতে অন্যান্য বহুকেইবিধ সা- সামগ্ৰী লৈ যোৱা ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ(Nalbari Theft)।

জানিব পৰা মতে চিকিৎসালয়খনত নৈশ চকীদাৰৰ ব্যৱস্থা নথকাৰ ফলতেই এই চুৰিকাণ্ড সংঘটিত হয়। ইতিমধ্যে চিকিৎসালয়খনত বেলশৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: WATCH | Domestic violence : স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ বলি এগৰাকী মহিলা