WATCH | Nalbari News:টিহুৰ অগপৰ কাৰ্যালয়ত অগপৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
নলবাৰী,২২ফেব্ৰুৱাৰী : পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ বৃদ্ধি পাইছে তৎপৰতা । প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত অবতীৰ্ণ হ’বলৈ সাজু হ’ব ধৰিছে । মিত্ৰজোতত থাকিও এজিপি আৰু বিজেপিয়ে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচন লৈ ৰণডংকা বজাইছে ।
শনিবাৰে টিহু নগৰ অগপৰ কাৰ্যালয়ত অগপৰ টিহু সমষ্টি সমিতিৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় । অগপৰ টিহু সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰদীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক কেশৱ চন্দ্ৰ ডেকা, কাৰ্যনিৰ্বাহক বানী কলিতা, নলবাৰী জিলা অগপৰ সম্পাদক কনকেশ্বৰ দাস, নলবাৰী জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি তথা জিলা অগপৰ উপদেষ্টা ড: বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী, টিহু পৌৰসভাৰ উপ- পৌৰপতি ড: সুৰজিৎ বৰ্মন, জ্যেষ্ঠ অগপ নেতা ফনীন্দ্ৰ নাথ দাস, শংকৰ কুমাৰ দাস, সুৰেন্দ্ৰ নাথ কলিতা আদি কেইবাজনেও অংশ লৈ আগন্তুক পঞ্চায়ত নিৰ্বাচন লৈ সকলোকে সাজু হ’বলৈ আহ্বান জনাই(Nalbari News)।
টিহু সমষ্টি সমিতিৰ সম্পাদক অৱনী বৰ্মন আৰু ভৱেশ কলিতাই আতধৰা উক্ত সভা খনত আগন্তুক পঞ্চায়ত নিৰ্বাচনত টিহু সমষ্টিত এজিপি আৰু বিজেপিৰ মিত্ৰতা নহ’লে প্ৰতিখন পঞ্চায়ততে অগপই প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে মিত্ৰতে বাহাল থাকিলে ৫০% প্ৰাৰ্থী দিয়াৰ উপৰিও টিহু জিলা পৰিষদৰ আসন খন অগপই বিচাৰিব বুলি জনায়।