Local, Vocal, Global

WATCH | Nalbari News: মুকালমুৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টাইপাৰ বিৰুদ্ধে এজাহাৰ

নলবাৰী,২০ফেব্ৰুৱাৰী : টাই আহোম যুৱ পৰিষদ অসমৰ কৰ্মকর্তা শ্রী উদীপ্ত গগৈ (পিতা- বিনোদ গগৈ) আৰু সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শংকৰদেৱ বৰক্ষেত্ৰী আঞ্চলিক শাখাই দাখিল কৰিছে এই এজাহাৰ।

উল্লেখ্য যে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ ভেটিত প্রতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সু বৃহৎ গণতান্ত্রিক অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ সম্প্রতি ২৭ টা জাতি-জনগোষ্ঠীৰ লোকেৰে সংপৃক্ত হৈ গুৰুজনাৰ আদর্শেৰে উচ্চ-নীচহীন, জাতি-ভেদহীন সুন্দৰ সমাজ গঠন কৰি অসমৰ জাতীয় জীৱন উজ্জীৱিত কৰি ৰাখি বিশ্ব সমাদৃত জাতীয় অনুষ্ঠানলৈ পর্যবসিত হৈছে(Nalbari News)।

যোৱা ১৭-০২-২০২৫ তাৰিখে, সোণাৰি নগৰৰ মাজ মজিয়াত, শ্রী উদীপ্ত গগৈ (পিতা- বিনোদ গগৈ) সহ টাই আহোম যুৱ পৰিসদ অসম (চমুকৈ টাইপা) নামৰ সংগঠনৰ কেইজনমান কর্মকর্তাই সংগঠনটোৰ বেনাৰত প্ৰতিবাদৰ নামত, দহন পদার্থ ব্যৱহাৰ কৰি, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্য সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছিল। টাইপাৰ কৰ্মকৰ্তা সকলে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক ভাবুকি প্রদান কৰি সংবাদ মাধ্যমত বক্তব্য প্রদান কৰিছিল।

টাইপা নামৰ সংগঠনটোৰ কৰ্মকর্তাসকলৰ এনে আইনবিৰোধী কাৰ্যই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ স্বাভিমান আৰু মহাপুৰুষ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ মহান আদৰ্শৰ ঐশ্বয্যময় সত্তাটোক কুঠাৰাঘাত কৰাৰ অভিযোগ কৰিছে সংঘই।

ইয়াৰ উপৰিও তেখেতসকলৰ উচতনিমূলক বক্তব্যই সমগ্র অসমতে শান্তি-শৃংখলা, ঐক্য-সম্প্রীতি বিনষ্ট কৰাৰ গভীৰ আশংকাই দেখা দিয়াৰ অভিযোগত টাইপা নামৰ সংগঠনটোৰ কৰ্মকর্তাসকলে জাতীয় অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কৰা কাৰ্যত লক্ষ লক্ষ ভকতে মনৰ প্ৰচণ্ড আঘাত পোৱাত সমগ্ৰ অসমতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গতিকে বিষয়টো গুৰুত্বসহকাৰে লৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনাই এজাহাৰ দাখিল কৰে।