Watch | Nalbari news: সমগ্ৰ দেশৰ লগতে শংকৰ মাধৱ হাইস্কুলত ৭৯ তম্ স্বাধীনতা দিৱস পালন
নলবাৰী : সমগ্ৰ দেশৰ লগতে শংকৰ মাধৱ হাইস্কুলত ৭৯ তম্ স্বাধীনতা দিৱস পালন। শিক্ষক শিক্ষাৰ্থীৰ উদাত্ত ভাষণেৰে জীপাল বৰক্ষেত্ৰী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত আজি ৭৯ তম্ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন কৰা হয়।
এই উপলক্ষ্যে ৰাতিপুৱা ৬.৩০ বজাত সমূহীয়া চাফাই অভিযানৰ পিছতে সমূহ শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্তই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ শিক্ষাৰ্থী- শিক্ষক_শিক্ষয়িত্ৰীসকলে স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে দেশৰ বাবে প্ৰাণাহুতি দিয়া বীৰ- বিৰাংগণাসকলৰ নিস্বাৰ্থ ত্যাগ বলিদান সম্পৰ্কে আলোকপাত কৰে।
লগতে পঢ়ক: Watch | Gaurav gogoi: ত্ৰিৰংগৰ ৰঙেৰে আলোকিত সমগ্ৰ দেশ