Watch | Nalbari news: আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় দি ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ মানিক আলীৰ
নলবাৰী : নলবাৰী জিলাৰ মুকালমুৱাৰ এজন যুৱকৰ অদ্ভূত কৰ্মকাণ্ডই বৃহত্তৰ অঞ্চলটোত এক সৰৱ চৰ্চা লাভ কৰিছে। পৰকীয়া প্ৰেমত অতিষ্ঠ এই যুৱকজনৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে অঞ্চলটোৰ সচেতন মহলৰ। মুকালমুৱা থানাৰ অন্তৰ্গত বৰলীয়াৰপাৰৰ এই যুৱকজনে গা-ধুলে লিটাৰ ৪০ লিটাৰ গাখীৰেৰে। পৰকীয়া প্ৰেমত অতীষ্ঠ হৈ বিবাহ বিচ্ছেদৰ পিছত ৪০ লিটাৰ গাখীৰেৰ গা ধুই আনন্দ প্ৰকাশ কৰিছে এই যুৱকজনে।
উল্লেখ্য যে আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ কৰিছিল নলবাৰীৰ মুকালমুৱাৰ মানিক আলী নামৰ যুৱকজনে। জানিব পৰা মতে, দুবাৰকৈ পৰকীয়া প্ৰেমত পৰি পলাই গৈছিল বৰলীয়াৰপাৰ নিবাসী মানিক আলীৰ পত্নী।
অৱশেষত পত্নীৰ সৈতে আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ ঘটোৱাৰ আনন্দত যোৱা নিশা গাখীৰেৰে গা ধুলে স্বামী মাণিক আলীয়ে।
আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই বাল্টিয়ে বাল্টিয়ে নিজৰ শৰীৰত গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ কৰে মানিক আলীয়ে। কেমেৰাৰ সন্মুখত মাণিক আলীয়ে কয়,”আজিৰ পৰা মই মুক্ত।”
উল্লেখ্য যে বৰলীয়াৰপাৰ নিবাসী ৰমজান আলী আৰু ছফিৰণ নেচাৰ একমাত্ৰ পুত্ৰ মানিক আলী(৩২) য়ে অঞ্চলটোতে যোৱা ৬-৭ বছৰ ধৰি হোটেলৰ ব্যৱসায় কৰি আহিছিল। মানিক আলীৰ এগৰাকী কন্যা সন্তান আছিল যদিও তেওঁৰ পত্নীয়ে কন্যা সন্তানগৰাকীক লগত লৈ যায়। পিছে মানিক আলী নামৰ যুৱকজনে কৰা এই কৰ্মকাণ্ডই বৃহত্তৰ অঞ্চলটোত সৰৱ চৰ্চা লাভ কৰিছে।
লগতে পঢ়ক: Watch | Goalapar eviction: গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা পুৱাৰে আৰম্ভ বনবিভাগৰ উচ্ছেদ অভিযান