WATCH | Nalbari News : বৰক্ষেত্ৰীবাসীৰ বাবে সুখবৰ! মুকালমুৱাত শুভাৰম্ভ হ’ব মাছা ফুটবল একাডেমী
নলবাৰী,২৩জুন : বৰক্ষেত্ৰীবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা(মাছা) ই। “মাছা”ৰ উদ্যোগত মুকালমুৱাস্থিত দেশভক্ত ময়দানত আৰম্ভ হ’ব “মাছা ফুটবল একাডেমী”ৰ। উক্ত শুভ অনুষ্ঠানটিত উপস্থিত থাকিব সুদক্ষ ৰাষ্ট্রীয় খেলুৱৈ হলিচৰণ নাৰ্জাৰী(Nalbari News)।
মুকালমুৱা আঞ্চলিক ক্রীড়া সন্থা (মাছা)ই স্থানীয় খেলুৱৈৰ প্ৰতিভা বিকাশৰ বাবে অহা ২৯ জুন ৰবিবাৰে শুভাৰম্ভ কৰিব মাছা ফুটবল একাডেমীৰ। মাছাৰ সভাপতি তথা জি.এম.ডি.এ.ৰ অধ্যক্ষ নাৰায়ণ ডেকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলগীয়া একাডেমীটোৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা আই.এছ.এল.ৰ বেংগালুৰু এফ.চি.ৰ সুদক্ষ খেলুৱৈ হলিচৰণ নাৰ্জাৰী।
অনুষ্ঠানটোত নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ,কামৰূপা এফ. চি. ৰ প্ৰশিক্ষক ৰঞ্জিত দাসৰ লগতে বহু ক্ৰীড়া সংগঠক উপস্থিত থাকিব। ৰবিবাৰে আবেলি দেশভক্ত ময়দান মুকালমুৱাত আবেলি তিনি বজাত উদ্বোধন হ’বলগীয়া একাডেমীটোত এচিয়ান ফুটবল কনফেডাৰেচনৰ ‘চি’ লাইচেন্স প্ৰাপ্ত প্ৰশিক্ষক চাপাম ৰতন সিঙৰ তত্বাৱধানত ১২ বছৰৰ পৰা ২২ বছৰৰ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
একাডেমীটোত প্ৰশিক্ষণ লোৱাৰ বাবে মাছা ভৱনৰ লগতে ৯৩৬৫৭-০৬২৩০, ৮১৩৪৮৩৯৩৯৮ আৰু ৭০০২০-২৫৮০৯ নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে মাছাৰ বিষয়ববীয়াসকলে।
লগতে পঢ়ক : WATCH | Sensational incident : কামৰূপৰ কামপীঠ হাইস্কুলত ভয়ংকৰ ঘটনা