Local, Vocal, Global

WATCH| Nalbari News: নলবাৰীত পুনৰ অনা অসমীয়া ব্যৱসায়ীৰ নিৰ্যাতনৰ সন্মুখীন হ’ল এজন অসমীয়া যুৱক

নলবাৰী,২০ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে অনা অসমীয়াৰ দপদপনি। নলবাৰীত পুনৰ অনা অসমীয়া ব্যৱসায়ীৰ নিৰ্যাতনৰ সন্মুখীন হ’ল এজন অসমীয়া যুৱক । কৈঠালকুছিৰ চম্পক ভৰালী নামৰ যুৱক জনে মনীছ দাস মালিকানাধীন আৰ-বি-এম এচোচিয়েট এজেঞ্চিত কৰ্মৰত হৈ আছে ।

এজেঞ্চিয়ে চম্পক ভৰালীক ফাইনেন্সত লোৱা গাড়ী কিস্তি দিব নোৱাৰিলে টানি আনি এঠাইত পাৰ্কিং কৰিবলৈ দিছিল আৰু পাৰ্কিংৰ বাবে ধন দিব বুলি এজেঞ্চিটোৰ স্বত্বাধিকাৰী মনীছ দাসে চম্পকক জনাইছিল(Nalbari News)।

সেই মতে ভৰালীয়ে তেওঁৰ ঘৰতেই টনা গাড়ী সমূহ পাৰ্কিং কৰে । কিন্তু শেহতীয়া ভাবে এজেঞ্চিয়ে পাৰ্কিং খৰচ নিদিয়াকৈ গাড়ী সমূহ নিব ওলোৱাত চম্পকে বাধা দিয়ে । ইয়াৰ পিছতে বুধবাৰে এজেঞ্চিৰ একাংশ কৰ্মচাৰীয়ে আৰক্ষীক লগত লৈ চম্পকৰ অনুপস্থিতিত ঘৰত উপস্থিত হৈ পিতৃ মাতৃক অতি দু-ব্যৱহাৰ কৰি জোৰ যবৰদস্তি গাড়ী সমূহ নিব বিচাৰে যদিও বিফল হয় ।

আৰ বি এম এচোচিয়েট এজেঞ্চিৰ অনা অসমীয়া স্বত্বাধিকাৰী মনীছ দাসৰ এনে কাৰ্যত ক্ষোভিত হৈছে স্থানীয় ৰাইজ । পৰবৰ্তী সময়ত ন্যায় বিচাৰি চম্পক ভৰালীয়ে বেলশৰ আৰক্ষীৰ কাষ চাপিছে । পিছে অনা অসমীয়া ওচৰত চম্পকে ন্যায় পাবনে ? সেইয়া হে হব লক্ষ্যণীয়।

লগতে পঢ়ক :WATCH| Hajo News: হাজো আৰক্ষী থানাৰ চৌহদত দুই মহিলাৰ প্ৰচণ্ড মাৰপিট