Local, Vocal, Global

WATCH | Nalbari News : সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল পশ্চিম নলবাৰীৰ নিৰ্বান তালুকদাৰ

নলবাৰী,১৭জুন : সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল পশ্চিম নলবাৰীৰ নিৰ্বান তালুকদাৰ। পশ্চিম নলবাৰীৰ লগতে নিজ জন্মগাঁও পিপলিবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা নিৰ্বান তালুকদাৰক জাতীয় বিদ্যালয়,পিপলিবাৰীৰ সম্বৰ্ধনা।

নলবাৰী জিলাৰ পিপলিবাৰী গাওঁৰ চন্দন তালুকদাৰ আৰু নমিতা তালুকদাৰ পুত্ৰ নিৰ্বাণ তালুকদাৰে সদ্যঘোষিত NEET পৰীক্ষাত ৯৯% শতাংশ নম্বৰ লাভ কৰি পশ্চিম নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে(Nalbari News)৷

চন্দন তালুকদাৰ আৰু নমিতা তালুকদাৰ পুত্ৰ নিৰ্বাণ তালুকদাৰৰ এই সফলতাত আনন্দিত হৈ তেওঁ শিক্ষা জীৱনৰ আদি পাঠ গ্ৰহণ কৰা জাতীয় বিদ্যালয় পিপলিবাৰীৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আজি বিদ্যালয় চৌহদত সম্বৰ্ধনা জনোৱা হয় ৷ লগতে নিৰ্বাণ তালুকদাৰৰ সাফল্যত গাঁওবাসীৰ লগতে জাতীয় বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আনন্দত উৎফুল্লিত হৈ পৰে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi :দুদিনীয়া কাৰ্যসূচীৰে মাহমৰাত APCC ৰ সভাপতি গৌৰৱ গগৈ