Local, Vocal, Global

WATCH | Nalbari News : মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা

নলবাৰী,১৬জুন : মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা। ঘন্টা ধৰি ঘন্টা ১০৮ এম্বুলেঞ্চ নাপাই চিকিৎসালয়ৰ বিচনাত ৰোগীৰ চিৎকাৰ ।চৰকাৰী এম্বুলেঞ্চৰ অপেক্ষাত অক্সিজেন লগাই তিনি ঘন্টা চটফটাই থাকিল হস্পিটালৰ বিচনাত।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা স্বাস্থ্য বিভাগৰ বিনামূলীয়া ১০৮ এম্বুলেঞ্চ সেৱাৰ সুবিধা নাপাই ঘন্টা ধৰি ঘন্টা হস্পিটালৰ বিচনাত ৰোগীয়ে চটফটাই থাকিবলগীয়া হোৱাত স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ৷

নলবাৰী জিলাৰ মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ আজি সন্ধিয়া অঞ্চলটোৰ এগৰাকী ৰোগীয়ে চিকিৎসাৰ বাবে আহি চিকিৎসালয়ৰ বিচনাত ঘন্টা পিছত ঘন্টা ধৰি চটফটাই থাকিবলগীয়া হৈছে(Nalbari News)।

প্ৰাপ্ত খবৰ অনুসৰি, মুকালমুৱাৰ জয়সাগৰ লাউঠাৰি গাঁৱৰ সুভাষ কৈৱৰ্ত নামৰ ৰোগীগৰাকীয়ে বিয়লি ৫ মান বজাতেই মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হয় ৷ জানিব পৰা মতে ৰোগী গৰাকীয়ে কিছুদিন ধৰি বুকুৰ সমস্যাত ভুগি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত চিকিৎসাধীন হৈ থাকি কালি হস্পিটালৰ পৰা ৰিলিজ লৈ ঘৰলৈ আহে ৷ ৰোগীগৰাকীৰ শনিবাৰে বিয়লিৰ ভাগত স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসালখনৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি ৰোগীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায় ৷

দৰিদ্ৰ পৰিয়ালটোৰ সদস্যই চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটীলৈ নিয়াৰ পৰিকল্পনা কৰি ১০৮ এম্বুলেঞ্চ সেৱাৰ সৈতে যোগাযোগ স্থাপন কৰে ৷ ১০৮ এম্বুলেঞ্চ সেৱাৰ সৈতে যোগাযোগ কৰাত তেওঁলোকৰ বাহন সমূহ ৰোগী কঢ়িওৱা কাৰ্যত ব্যস্ত থকা বুলি জানিবলৈ দিয়ে ৷ পৰিয়ালটোৱে কেইবাবাৰো ধৰি ১০৮ এম্বুলেঞ্চ সেৱা কৰ্তৃপক্ষৰে যোগাযোগ কৰে যদিও তেওঁলোকৰ বাহন সমূহ ৰোগী অনা নিয়া কাৰ্যত ব্যস্ত থকা বুলিয়েই কয় ৷

ৰোগীগৰাকীয়ে হস্পিটালৰ বিচনাত বহু সময় ধৰি চিৎকাৰ কৰি থকাত আত্মীয়ৰ মাজত হাহাকাৰ লাগে ৷ ২৮ বছৰীয়া ৰোগীগৰাকীৰ আত্মীয় এগৰাকীয়ে মুকালমুৱা অসামৰিক চিকিৎসালয় চৌহদত দুখনকৈ ১০৮ এম্বুলেঞ্চ ৰখাই থোৱা দেখি এম্বুলেঞ্চ দুখনৰ ওচৰলৈ যোৱাত গাড়ীৰ ভিতৰত চালক-কৰ্মচাৰী শুই থকা প্ৰত্যক্ষ কৰে ৷ ৰোগীৰ আত্মীয়ই তেওঁলোকক জগাবলৈ চেষ্টা কৰি ঘটনা অৱগত কৰায় যদিও তেওঁলোকে ৰোগী কঢ়িয়াবলৈ অমান্তি হয় ৷ ইয়াকে লৈ ১০৮ এম্বুলেঞ্চৰ চালক আৰু স্বাস্থ্যকৰ্মীৰ মাজত তীব্ৰ বাকবিতাণ্ডাৰ সৃষ্টি হয় ৷

প্ৰায় তিনি ঘন্টা ধৰি ৰোগীগৰাকীয়ে হস্পিটালৰ বিচনাত চটফটাই থকাৰ অন্তত নিশা ৮ বজাত চিকিৎসালয় চৌহদত ৰখাই থোৱা এখন এম্বুলেঞ্চৰ সহায়ত ৰোগীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ লৈ যায় ৷ ১০৮ এম্বুলেঞ্চ সেৱাৰ এইধৰণৰ মইমতালি পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰশ্ন হয় ১০৮ এম্বুলেঞ্চ সেৱা কৰ্তৃপক্ষৰ নিজ খেয়াল খুচি মতে চলি আহিছে নেকি ?

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন