WATCH | Nalbari News : মাখিবাহাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন
নলবাৰী,১৪জুন : মাখিবাহাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বি-বার্ষিক অধিৱেশনখন কালি টিহুৰ মাখিবাহা সভাৰ খলাত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয় ৷
এই উপলক্ষে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত অসম বাৰ্তাজীৱী সংঘই গৌৰৱোজ্জ্বল পঞ্চাশ বর্ষ পূর্ণ কৰা উপলক্ষে সাংবাদিক, শিল্পী, সাহিত্যিক,শিক্ষাবিদ, সমাজকর্মী আদিকে ধৰি সমাজৰ ভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশ খন পতাকা উত্তোলন কৰা হয় । শ্বহীদ তর্পণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নগেন শালৈ আৰু গছপুলি ৰোপন কৰে ক্ৰমে পৰিৱেশ কৰ্মী মনোজ বড়ো, প্ৰাক্তন আছু নেতা বিশ্বজিত শৰ্মা আৰু প্ৰাণজিৎ ঠাকুৰীয়াই।
ইয়াৰ পিছতে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হয় যদিও তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে সভাখন পৰিচালনা কৰে উপদেষ্টা অজিত কুমাৰ শৰ্মাই। মুকলি সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি আৰু সম্পাদক মুকুট ৰাজ শর্মা, বিশিষ্ট অর্থনীতিবিদ-স্তম্ভ লেখক ড০ দেৱজিৎ মহন্ত, আছু নেতা গুণজ্যোতি পাঠক, নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠাপক সভাপতি পংকজ বেজবৰুৱা,মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰিশচন্দ্ৰ ভট্টাচাৰ্য্য আদিয়ে বক্তব্য আগবঢ়ায়(Nalbari News)।
সাংবাদিক ভাস্কৰজ্যোতি কলিতাই সমগ্ৰ অনুষ্ঠানটো আঁতধৰা আৰু নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপ কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ভাৰত বার্তাজীৱী মহা সংঘৰ সদস্য কিশোৰজ্যোতি শৰ্মা, অসম বার্তাজীৱী সংঘৰ কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন, অসম বাৰ্তাজীৱী সংঘৰ সদস্য সোনাধৰ ডেকা, ভাস্কৰ শৰ্মা আৰু ৰাতুল ৰাজবংশী আদি উপস্থিত থাকে ৷
সভাৰ পূৰ্বে কন্ঠশিল্পী ঘন শৰ্মাৰ নেতৃত্বত সাংবাদিক সংক্ৰান্তীয় বিষয়ে উপস্থাপন কৰা সমবেত সংগীত পৰিৱেশন কৰে। বিয়লি প্রতিনিধি আৰু বিষয় বাচনি সভাত সভাপতিত্ব কৰে অসম বার্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিয়ে । অসম বার্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা আৰু কাৰ্যালয় সম্পাদক হেমন্ত বর্মন পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাত সংঘৰ সাংগঠনিক আৰু সাংবিধানিক দিশৰ আলোচনা হয়।
উক্ত সভাতে আগন্তুক কাৰ্যকালৰ বাবে পংকজ বেজবৰুৱাক উপদেষ্টা, ব্ৰজেন তালুকদাৰক সভাপতি,অজিত কুমাৰ শৰ্মা, চন্দন শৰ্মা আৰু ৰাতুল চন্দ্ৰ ডেকাক উপ-সভাপতি, ৰূপ কুমাৰ শৰ্মাক সম্পাদক, কুমুদ বৰ্মন, শৈলেন বৰ্মন ,আজিজ আলী আৰু ত্ৰিদীপ কলিতাক সহকাৰী সম্পাদক, ভাস্কৰজ্যোতি কলিতা আৰু গুণজিৎ কলিতাক প্ৰচাৰ সম্পাদক, পংকজ লহকৰক সাংগঠনিক সম্পাদক,অজিত বৰ্মনক পত্ৰিকা সম্পাদক হিচাপে লৈ নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিখন গঠন কৰা হয়।
লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথ জিলাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত