Local, Vocal, Global

WATCH | Nalbari News : জয়সাগৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত বিশ্ব মেন্সুৰেচন দিৱস পালন

নলবাৰী,২৯মে’ : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত জয়সাগৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত বিশ্ব মেন্সুৰেচন দিৱস পালন কৰা হয়।

জয়সাগৰ আয়ুশ্মান আৰোগ্য মন্দিৰৰ ইনচাৰ্জ উন্মনা শৰ্মা আৰু ANM সুশীলা বেগমে বিদ্যালয়খনৰ শিক্ষকসকলৰ উপস্থিতিত শংকৰ মাধৱ হাইস্কুলৰ নৱম দশম শ্ৰেণীৰ ছাত্ৰীসকলক মাহেকীয়াৰ সময়ত মানি চলিবলগীয়া স্বাস্থ্যবিধি সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে(Nalbari News)।

উল্লেখ্য যে আজিৰ দিনটো অৰ্থাৎ মে’ মাহৰ ২৮ তাৰিখটো “বিশ্ব মেন্সুৰেচন দিৱস” হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। ২০১৩ চনত জাৰ্মানীত আৰম্ভ হোৱা এই দিৱসটো ২০১৪ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। এই দিৱসটোৰ উদ্দেশ্য হৈছে মহিলাসকলৰ বাবে ঋতুস্রাৱ সম্পৰ্কীয় স্বাস্থবিধিৰ ওপৰত সচেতনতা বৃদ্ধি কৰা।

এই দিৱসটোৰ জৰিয়তে ঋতুস্রাৱৰ সৈতে জড়িত বিভিন্ন বিষয় যেনে:- স্বাস্থবিধি, সঠিক জ্ঞান, সঠিক চিকিৎসা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মহিলাসকলে যাতে লজ্জাবোধ নকৰি মাহেকীয়াৰ সময়ত তেওঁলোকৰ স্বাস্থবিধিক সঠিকভাৱে অনুধাৱন কৰিব পাৰে।

লগতে পঢ়ক :WATCH | Artificial Flood in Jorabat : মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত অবৰ্ণনীয় পৰিস্থতি