Local, Vocal, Global

Nalbari News:অসমৰ এখন জিলাত আছে অসমীয়াৰ স্বাভিমান গামোচাৰ বিক্ৰী কৰাৰ পৰম্পৰা!

নলবাৰী,১৩ ফেব্ৰুৱাৰী : অসমৰ এখন জিলাত আছে অসমীয়াৰ স্বাভিমান গামোচাৰ বিক্ৰী কৰাৰ পৰম্পৰা!

এখন গামোছাৰ দাম কিমান হব পাৰে? এইখন অসমতে ৫৩ হেজাৰ এক টকাত নিলাম হৈছে অসমীয়াৰ স্বাভিমান গামোছা৷ নলবাৰী জিলাৰ সানেকুছি ওজাতোলাত অনুষ্ঠিত হৈছে এই মাংগলিক নিলাম প্ৰক্ৰিয়া৷

যোৱা ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ স্বাভিমান গামোছা এখন ৫৩ হেজাৰ টকাত নিলাম যোগে বিক্ৰী হৈছে ৷ নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি ওজাতোলাৰ শ্ৰীশ্ৰী গোপাল গোসাঁইঘৰৰ বাৰ্ষিক উৎসৱৰ ভাগৱত শোভাযাত্ৰাৰ গামোছা আৰু ফুলৰ মালাৰ প্ৰকাশ্যে নিলাম হৈছে ৷ এই গামোছাখন নয়ন লহকৰে ৫৩ হেজাৰ এক টকাত নিলাম যোগে ক্ৰয় কৰাৰ বিপৰীতে ফুলৰ মালা আৰু প্ৰনামি পইছাৰ টোপোলাটো মনোৰঞ্জন কলিতাই ২০ হেজাৰ এক টকাত ক্ৰয় কৰে(Nalbari News)৷

উল্লেখ্য যে প্ৰতিবছৰে উক্ত গামোছা আৰু মালাৰ প্ৰকাশ্যে নিলাম হৈ আহিছে ৷ প্ৰবাদ আছে যে উক্ত গামোছা আৰু মালা ক্ৰয় কৰিলে পৰিয়ালৰ মংগল হয়৷ এইবেলি ও বহুতো কেইজনে নিলাম প্ৰক্ৰিয়াত অংশ লয় যদিও নয়ন লহকৰ আৰু মনোৰঞ্জন কলিতাই ক্ৰয় কৰিবলৈ সক্ষম হয়৷ হৰিধ্বনি,উৰুলি আৰু মাংগলিক শব্দৰ মাজতে অনুষ্ঠিত হোৱা নিলাম প্ৰক্ৰিয়া আছিল অতি আকৰ্ষনীয়৷৷ মংগল আৰু বুধবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত বাৰ্ষিক উৎসৱৰ আজি দ্বিতীয় দিনৰ সন্ধিয়া উক্ত প্ৰকাশ্যে নিলাম অনুষ্ঠান অনুষ্ঠিত হৈছিল৷ অনুষ্ঠানত সভাপতিত্ব কৰিছিল গোপাল গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি মানিক কলিতাই আৰু নিলাম প্ৰক্ৰিয়া পৰিচালনা কৰিছিল পুলিন তালুকদাৰ আৰু দিগন্ত কলিতাই ৷

লগতে পঢ়ক :North Guwahati News: শ শ পকা কলৰ থোকে শোভা বৰ্ধন কৰা বিশেষ উৎসৱ