WATCH | Nalbari News : বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান
নলবাৰী,২৫মে’ : বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত আজি “প্ৰধানমন্ত্ৰীৰ মন কী বাত” শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়(Nalbari News)।
জাগাৰা পুখুৰীৰ পাৰত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মণ, ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ৩ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী গীতা ডেকা, জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ কাউঞ্চিলাৰ দীনেশ বৈশ্য প্ৰমুখ্যে ভালেমান লোকে অংশগ্ৰহণ কৰে।
আজিৰ অনুষ্ঠানটিৰ পিছত ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ সমূহীয়া ত্ৰিৰংগা যাত্ৰা কৰে।
লগতে পঢ়ক : WATCH | Barpeta News : চেঙাৰ কাৰাইখাইতিৰ এটা পৰিয়ালত শোকাকুল পৰিৱেশ