WATCH | Nalbari News : যুৱতীয়ে অপহৰন কৰিলে কিশোৰীক
নলবাৰী,২০মে’ : যুৱতীয়ে অপহৰন কৰিলে কিশোৰীক। নলবাৰী জিলাৰ লাউঠৰি গাঁওৰ মোমায়েকৰ ঘৰৰ পৰা কিশোৰী অপহৰণৰ ঘটনা।
নলবাৰী জিলাৰ টিহুত চাঞ্চল্যকৰ অপহৰন কাণ্ড।নলবাৰী জিলাৰ টিহুৰ লাউঠাৰি গাঁৱত যুৱতীয়ে অপহৰণ কৰিলে কিশোৰীক। লাউঠাৰি গাঁওৰ মোমায়েকৰ ঘৰলৈ আলহী খাবলৈ আহোঁতে অপহৰণ কৰি নিলে কিশোৰীগৰাকীক। জয়সাগৰ গাঁও নিবাসী বন্দনা বৈশ্য (২৫) নামৰ এগৰাকী যুৱতীয়ে নিশা ৯.৩০ বজাত স্কুটিৰে গোপনে লৈ যায় অৰ্চনা দাস নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক(Nalbari News)।
উল্লেখ্য যে কামৰূপ জিলাৰ কুকুৰমাৰা ৩ নং আমতলা নিবাসী দীপক দাস আৰু অৰ্পনা দাস নামৰ দম্পতিহালৰ জ্যেষ্ঠ কন্যা সন্তান আছিল অৰ্চনা দাস (১৬) নামৰ কিশোৰীগৰাকী। লাউঠাৰি গাঁও নিবাসী গোবিন্দ কৈৱৰ্ত নামৰ মোমায়েকৰ ঘৰলৈ মাতৃৰ সৈতে আহিছিল অৰ্চনা নামৰ কিশোৰীগৰাকী। যোৱা ৭ মে’ ৰ নিশা ৯.৩০ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো।
কোনো লোকে কিশোৰীগৰাকীৰ লগতে অপহৰণকাৰীৰ অভিযোগ উত্থাপিত হোৱা বন্দনা বৈশ্যৰ সন্ধান লাভ কৰিলে 9365005817/9365059793 নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
লগতে পঢ়ক : WATCH | Silchar News : ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ মেঘালয়ৰ কুলিয়াংত ভূমিস্খলন