Local, Vocal, Global

WATCH | Nalbari News : মুকালমুৱা নাৰায়ণপুৰৰ নিৰ্জু বেগম নামৰ এগৰাকী মেধাৱী কিশোৰী সন্ধানহীন

নলবাৰী,১৭মে’ : মুকালমুৱা নাৰায়ণপুৰৰ এগৰাকী মেধাৱী কিশোৰী সন্ধানহীন। নিৰ্মল আলী নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ ছোৱালী নিৰ্জু বেগম বিগত ১০ মে’ ৰ পৰা সন্ধানহীন হৈ আছে। আজি ৮ দিনৰ পিছতো যুৱতীগৰাকীৰ সন্ধান নাপাই দুখত ভাগি পৰিছে পৰিয়ালৰ লোক(Nalbari News)।

যুৱতীগৰাকীয়ে এইবাৰ নিউটন একাডেমীৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈ দুখনকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে নাৰায়নপুৰ ফাৰ্ম চুবুৰীৰ মিনুৱাৰা নামৰ এগৰাকী যুৱতীৰ সৈতে নাৰায়ণপুৰ কবৰস্থান চুবুৰীৰ সন্মুখৰ পৰা এখন চাৰিচকীয়া বাহনত উঠি যোৱা প্ৰত্যক্ষ কৰিছে একাংশ লোকে।

দুৰ্ভগীয়া পৰিয়ালটোয়ে চাৰিওফালে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰাত উপায়ন্তৰ হৈ মুকালমুৱা আৰক্ষী থানাত এজহাৰ দাখিল কৰে।

কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীৰ সম্ভেদ পালে মুকালমুৱা আৰক্ষী থানাৰ লগতে 7638822857‬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক : WATCH | Dilip Saikia : সভাপতি দিলীপ শইকীয়াই দেখাই দিলে নিজৰ ক্ষমতা