Local, Vocal, Global

WATCH | Nalbari News : চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ ধ্বনিৰে উত্তাল বেলশৰ

নলবাৰী,১২মে’ : বেলশৰ বিল্লেশ্বৰ দেৱালয়ত সেৱা ল’লে টিহু বিধানসভা সমষ্টিৰ বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে।

চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ ধ্বনিৰে উত্তাল বেলশৰ।

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া আনন্দ উচাহ পৰিলক্ষিত হৈছে। ৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৫ নং বেলশৰ গাওঁ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ প্ৰাৰ্থী অশোক দাসে ৪৯৯ টা ভোট লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছে(Nalbari News)।

আনহাতে ,একেখন পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ পাৰুল বৰ্মন আৰু ৬ নং ৱাৰ্ডৰ সবিতা পাটোৱাৰীৱে জয় লাভ কৰে আটাইকেইগৰাকী প্ৰাৰ্থীয়ে জয়লাভৰ পিছতে বেলশৰ বিল্লেশ্বৰ দেৱালয়ত সেৱা লোৱা দেখা গ’ল।

লগতে পঢ়ক : WATCH | Dhing News : ৭ নং উপৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী পূৰ্ণানন্দ দাস বিপুল ভোটত জয়লাভ