Nalbari News: নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ
নলবাৰী,১০ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিশা গৰু চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নম্বৰ জয়সাগৰ গাঁও নিবাসী ৰিয়াজ আলীৰ গৃহলৈ গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ। চোৰ কৰিবলৈ আহি কাপোৰ খুলি উলংগ হৈ পলায়ন কৰে চোৰে।ৰাইজে খেদি খেদি এজন চোৰক আটক কৰে। বাকী চোৰকেইটাই পলায়ন কৰে যদিও চোৰৰ দলটিয়ে পথাৰত এখন লোহা কটা কেচিও পেলাই থৈ যায়(Nalbari News)।
উল্লেখ্য যে,পূৰ্বেও বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ২ নং জয়সাগৰ, ১ নং জয়সাগৰ, খালিহাপাৰা আদি অঞ্চলত সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে যদিও গৰু চুৰি ৰোধ কৰিবলৈ সক্ষম হোৱা নাই মুকালমুৱা আৰক্ষীয়ে। অৱশ্যে ঘটনাস্থলীত মুকালমুৱা আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়ক :Gelakey News: গেলেকী বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ অভিযোগ