WATCH | Nalbari News : নলবাৰীত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ধন বিতৰণ কৰিবলৈ যোৱাৰ অভিযোগ
নলবাৰী,৬মে’ : নলবাৰীত বিজেপি প্ৰাৰ্থীৰ নিন্দনীয় কৰ্ম। প্ৰীতম গোস্বামীৰ কাণ্ডই লজ্জানত কৰিলে বৰক্ষেত্ৰী বিজেপিক।
নলবাৰী জিলাত শাসকীয় দলে ধনবল-বাহুবল প্ৰয়োগ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে যোৱা ৬ মে’ ৰ নিশা ১২.৩০ বজাত ধন বিতৰণ কৰিবলৈ যোৱাৰ অভিযোগ তুলি ৰাইজে জবাবদিহি কৰে বৰতলা গাওঁৰ এগৰাকী বিজেপি প্ৰাৰ্থীক(Nalbari News)।
ৰাইজৰ অভিযোগ অনুসৰি পৰাজয়ৰ উমান পাই নিৰ্বাচনী বিধি উলংঘন কৰি ধন বিলাবলৈ গৈছিল ৫২ নং বৰতলা কালদি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী প্ৰীতম গোস্বামীয়ে। নিশা ৰাইজে ঘেৰাও কৰি জৱাবদিহি কৰিলে প্ৰীতম গোস্বামীক৷ এই কাৰ্যই অঞ্চলটোৰ বিৰোধী শিবিৰত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক : WATCH | Panchayat Election : কাইলৈ দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন