WATCH | Nalbari News : বিশাল ৰেলীৰে মুকালমুৱা জাগাৰা জিলা পৰিষদৰ বিজেপি মিত্ৰঁজোট সমৰ্থিত প্ৰাৰ্থীৰ দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ
নলবাৰী,৩মে’ : বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মুকালমুৱা জাগাৰা জিলা পৰিষদৰ প্ৰাৰ্থী দিপ্তি তালুকদাৰ আৰু ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দিনেশ বৈশ্যৰ হৈ প্ৰচাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDA ৰ অধ্যক্ষ নাৰায়ন ডেকাৰ।
জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তত ৰাতিপুৱা ৯ বজাৰ পৰা নলিছা জিৰনী চ’ৰা চ’ক, তালুকদাৰ পাৰাৰ গোঁসাইঘৰ প্ৰাঙ্গন, গায়াপাৰাৰ ৰাজহুৱা পুখুৰীপাৰ, পশ্চিম জাগাৰাৰ কলেজ চ’ক, জাগাৰা ঠাকুৰীদিয়াৰ দৌলৰখলা,বস্তি চুবুৰীৰ শিৱ মন্দিৰ প্ৰাংগন, সত্ৰ চুবুৰীৰ বাসুদেৱ মন্দিৰ প্ৰাঙ্গন,নপ্তিপাৰাৰ বাসুদেৱ মন্দিৰ প্ৰাংগন, ২ নং নপ্তিপাৰাৰ কালি মন্দিৰ প্ৰাংগন আৰু নিশা ৯ বজাত আহঁতাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰে(Nalbari News)।
দিনজোৰা কাৰ্যসূচীৰে চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDA ৰ অধ্যক্ষ নাৰায়ন ডেকা, বৰক্ষেত্ৰী সমষ্টিৰ ১০ নং জাগাৰা-মুকালমুৱা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী দীপ্তি তালুকদাৰ, জাগাৰা- নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী দীনেশ বৈশ্য, বিজেপিৰ বৰক্ষেত্ৰী-ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মণ, জিলা বিজেপিৰ উপ-সভানেত্ৰী ৰীতা মণি ডেকা, ৰাজ্যিক প্ৰভাৰী অজিতা পাটোৱাৰী, বিজেপি নেতা লাচিত ডেকা, ভূপেন তালুকদাৰ প্ৰমুখ্যে ভালেমান দলীয় নেতা-নেত্ৰী উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : কলিয়াবৰৰ শালনাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা