WATCH | Nalbari News : নলবাৰী জিলাৰ বলোৱা ভৰালীপাৰাত ২৪ তম ৰঙালী বিহু উদযাপন

নলবাৰী,২৯এপ্ৰিল : নলবাৰী জিলাৰ বলোৱা ভৰালীপাৰাত নতুন সূৰুয কৃষ্টি সংঘৰ সৌজন্যত ২৪ তম ৰঙালী বিহু যোৱা ২৭ আৰু ২৮ এপ্ৰিল দেওবাৰ আৰু সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
নতুন সূৰুয কৃষ্টি সংঘৰ সভাপতি কৈলাশ ভৰালী, কাৰ্যকৰী সভাপতি গৌতম ভৰালী, সম্পাদকদ্বয় জগন্নাথ ভৰালী আৰু মৃগেন ভৰালী, আনহাতে,ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি দ্বীপ ভৰালী, কাৰ্যকৰী সভাপতি দিগন্ত ভৰালী, উপ-সভাপতিদ্বয় ভৱেশ ভৰালী আৰু ঘনশ্যাম ভৰালী,সম্পাদক কিশোৰ ভৰালী, সহ সম্পাদকদ্বয় ৰাকেশ ভৰালী আৰু বনমালী ভৰালীক লৈ গঠিত বিহু উদযাপন সমিতি আৰু নতুন সূৰুয কৃষ্টি সংঘৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি দুদিনীয়াকৈ দিবা নৈশ কাৰ্যসূচীৰে মহা ধুমধামেৰে পালন কৰা হয়(Nalbari News)।
সংঘৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাগৱত পাঠ, শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনত সমূহীয়া বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। আনহাতে, দ্বিতীয় দিনা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগন পুখুৰীৰ নৱ নিৰ্মিত পানী তোলা ঘাটৰ দ্বাৰ উন্মোচন কৰা হয়। ভেশচন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, বিহুৰ বাকৰী উদ্ধোধন, আলোক বন্তি প্ৰজ্বলন, নিমন্ত্ৰিত অতিথি আৰু দাতাসকলক আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। একক নৃত্য প্ৰতিযোগিতা, মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।
লগতে পঢ়ক : WATCH | Zubeen Gang: মঞ্চ লৈ দৌৰি আহি জুবিন গাৰ্গক সাবটি ধৰিলে এগৰাকী জুবিন অনুৰাগীয়ে