Nalbari News: সৰস্বতীৰ পূজাৰ দিনাই এহাল প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত
নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত চাঞ্চল্যকৰ ঘটনা। সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত এহাল প্ৰেমিক-প্ৰেমিকাই একলগে কৰিলে বিহপান।
পূজা বুলি ঘৰৰ পৰা ওলাই আহিছিল প্ৰেমিক-প্ৰেমিকা।কিন্তু পূজা পৰা ওভতি নগল দুয়ো । প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত ।আধা বাটতে দুয়ো কৰিলে বিহপান । টিহুৰ ৰাষ্ট্ৰীয় ঘাইপথত কাষতে অচেতন অৱস্থাত উদ্ধাৰ কিশোৰ-কিশোৰীক(Nalbari News)।
ততাতৈতয়াকৈ দুয়োকে বৰমাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওচিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীৰ। আনফালে বৰ্তমানো চিকিৎসাধীন ১৮ বছৰীয়া প্ৰেমিক।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আহিছে বহু বিস্ফোৰক তথ্য। অভিযোগ অনুসৰি যুৱকজনে পূৰ্বেও কিশোৰীগৰাকীক বিহপান কৰিবলৈ কৈছিল।
যুৱকজনে প্ৰেমিকাক বিহপান কৰিবলৈ বাধ্য কৰাইছিল কিন্তু যুৱকজনে বিহপানৰ অভিনয় কৰাৰ অভিযোগ উত্থাপন হৈছে।