WATCH | Nalbari News : গৰু বিহুৰ দিনাই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা

নলবাৰী,১৪এপ্ৰিল : গৰু বিহুৰ দিনাই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা !
আচৰিত যেন লাগিলেও এয়াই সচা!
কিছু ব্যতিক্ৰমী চিন্তাৰে টিহুত অনুষ্ঠিত হৈছে এই গো সৌন্দৰ্য প্ৰতিযোগিতা(Nalbari News)।
টিহু প্ৰেছ গীল্ডৰ উদ্যোগত টিহু মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে গো সৌন্দৰ্য প্ৰতিযোগিতা ।
টিহু মহাবিদ্যালয় খেলপথাৰত বাকৰিত এয়া গৰুৰ বাবে সজোৱা আটক ধুনীয়া ৰেম্প।
অসমীয়া গ্ৰাম্য চহা কৃষক সমাজৰ পৰাম্পৰাগত বিভিন্ন সামগ্ৰীৰে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে অনুষ্ঠানৰ বাকৰি ।
এই ৰেম্পতেই গৰাকীৰে সৈতে খোজ দিছে সুন্দৰকৈ সজাই পৰাই অনা গৃহস্থৰ মৰমৰ গৰু ।
বিহুৱা ডেকাৰ দৰেই হৈ পৰিছে ৰেম্পত গোধন ।
গো সৌন্দৰ্য প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে AIIMS ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ভূপেন বৰ্মনে।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ বহলপুৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু