Local, Vocal, Global

WATCH | Nalbari News : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দৌৰাত্ম্য

নলবাৰী,৯এপ্ৰিল : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দৌৰাত্ম্য। ন ন কায়দাৰে প্ৰতিদিনে গৰু চুৰি কৰি আহিছে চোৰে । বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এটাৰ পিছত আনটো গৰু চুৰিৰ ঘটনা পোহৰলৈ আহিছে ।

যোৱা ৩ এপ্ৰিলত মুকালমুৱা গাঁৱৰ মান্নাফ আলীৰ নিজ গোঁহালিৰ পৰা দুটাকৈ গাই গৰু চুৰি কৰি লৈ যায়।

চুৰি হোৱাৰ সন্দৰ্ভত মান্নাফ আলীয়ে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰনৰ সন্ধান উলিয়াৱলৈ সক্ষম নহল ।

তাৎপৰ্যপূৰ্ণ কথা যোৱা ৬ এপ্ৰিলত আকৌ মুকালমুৱাৰে দাঁতি কাষৰীয়া গাওঁ হাউলিঘাটৰ ফাৰ্ম চুপাৰ জাকিৰ আলীৰ ঘৰৰ পৰা ৰাতিপুৱা প্ৰায় ৩ মান বজাত দেৰ লক্ষাধিক টকাৰ মূল্যৰ এটি গাই গৰু চুৰি কৰি লৈ যায়(Nalbari News)।

ঘটনাৰ বিৱৰণী অনুসৰি ,ৰাতি পুৱা প্ৰায় তিনি মান বজাত গাই গৰু পোৱালী ডাঙৰ ডাঙৰকৈ চিঞৰী থকাত জাকিৰ আলীয়ে সাৰ পায় ,জাকিৰ আলিয়ে গৰু চোৱাৰ লক্ষ্যৰে গোঁহালি ঘৰলৈ আগুৱাই যায় দেখে গোঁহালিত গৰু নাই, গোঁহালিত গৰু নেদেখি জাকিৰ আলীয়ে ৰাস্তাৰ ফালে চাবলৈ যায় প্ৰত্যক্ষ কৰে চোৰে চাৰিচকীয়া বাহানত গৰুটো উঠাই আছে । জাকিৰ আলীক দেখি চোৰে খৰধৰকৈ গৰু উঠাই পলাবলৈ চেষ্টা কৰে যদিও জাকিৰ আলীয়ে বাধা দিবলৈ চেষ্টা কৰে যদিও চোৰে ভৰিৰে গুৰিয়াই ৰাস্তাত পেলাই থৈ যায় ।

জাকিৰ আলীয়ে চোৰ এজনক চিনাক্ত কৰিবলৈ সক্ষম হয় । চোৰ জন বালিকুচি গাঁওৰ বিজু ওৰফে কলু আলী বুলি জানিব দিয়ে ।

চুৰি হোৱাৰ সংক্ৰান্তত জাকিৰ আলীয়ে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইতিমধ্যে অঞ্চলটোত গৰু চুৰিৰ বহুকেইটা ঘটনা সংঘটিত হৈছে যদিও আজিলৈ গা নলৰিল মুকালমুৱা আৰক্ষী থানাৰ।

গৰুচোৰ চক্ৰটোৰ সৈতে গৰুৰ চিণ্ডিকেট চক্ৰ জড়িত থকাৰ সন্দেহ ৰাইজৰ। গৰু চোৰক আটক কৰি বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : WATCH | Massive fire breaks out: সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড