WATCH | Nalbari News : পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবাদমেল
নলবাৰী,৬এপ্ৰিল : পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবাদমেল।
নাৰীৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদান সম্পৰ্কত বিজেপি নেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী। বৰক্ষেত্ৰী- পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী।
সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী-পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ ভাইৰেল অডিঅ’ ক্লিপে খলকনি তুলিছে সামাজিক মাধ্যমত।
অসম্পাদিত ৰূপত এটি অডিঅ ক্লিপ ভাইৰেল হোৱাৰ পিছতে হাহাকাৰ লাগিছে ৰাজনৈতিক মহলত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ শীৰ্ষ বিজেপি নেতাৰ লজ্জাজনক কাণ্ড পোহৰলৈ অহাত সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Nalbari News)।
উল্লেখ্য যে, শৈলেন্দ্ৰ হৈছে নলবাৰী জিলাৰ টিহু সমষ্টিৰ মণ্ডল বিজেপিৰ সভাপতি। শৈলেন্দ্ৰ কলিতাৰ নামৰ ব্যক্তিগৰাকীৰ অডিঅ ক্নিপে আউল লগাইছে বিজেপিক ৷ অডিঅ ক্লিপটোত এগৰাকী মহিলাক ফোনযোগে অশ্লীল ইংগিত প্ৰদান কৰিছিল শৈলেন্দ্ৰ কলিতাই।
এয়াই বিজেপি নেতাৰ চৰিত্ৰ নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলে। যিটো সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে “বেটি বচাও বেটি পঢ়াও” শ্লোগানেৰে মহিলাক সুৰক্ষা প্ৰদানত সফল হোৱা বুলি ঢাক ঢোল বজোৱা পৰিলক্ষিত হৈছে সেইটো সময়তে জিলাখনৰ বিজেপি নেতাৰ এই চৰিত্ৰ দেখি মহিলাৰ সুৰক্ষা ক’ত বুলি এতিয়া চৌদিশে প্ৰশ্ন উত্থাপন হৈছে ৷
জানিব পৰা মতে,ভূক্তভোগী মহিলাগৰাকীয়ে পূৰ্বৰ নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰক লিখিত অভিযোগ দাখিল কৰিছিল ৷ কিন্তু লক্ষণীয়ভাৱে সভাপতিগৰাকীয়ে শৈলেন্দ্ৰ কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নলবাৰীৰ ৰাজনৈতিক মহলত এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে বৰ্তমানৰ সভাপতি জয়ন্ত বুজৰবৰুৱাই এইগৰাকী শৈলেন্দ্ৰ কলিতাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহন কৰিব নে ? মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ বিজেপি নেতাৰ এই কু-কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব নে পাটোৱাৰীয়ে ?
সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিশ্বজিৎ মহন্ত,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটি ( প্ৰশাসন)ৰ সাধাৰণ সম্পাদক ছাদুল্লা আলী, নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক চুলেমান আলী,আইনাল হক, ধৰ্মেন্দ্ৰ মেধিৰ লগতে মহিলা কংগ্ৰেছৰ অপ্সৰা খানম আদি বিষয়ববীয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Lightning strike in Jamugurihat : জামুগুৰিহাটত নিশা প্ৰৱল বৰষুণৰ মাজতে প্ৰচণ্ড বজ্ৰপাত