Local, Vocal, Global

WATCH | Nalbari News :পঞ্চায়ত নিৰ্বাচনৰ সময়তে নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ ভাইৰেল অডিঅ’ ক্লিপ

নলবাৰী,৪এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ সময়তে নলবাৰীৰ বৰক্ষেত্ৰী-পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ ভাইৰেল অডিঅ’ ক্লিপ ৷

নলবাৰীৰ বিজেপি নেতাৰ ভাইৰেল অডিঅ ক্নিপে খলকনি লগাইছে ৰাজনীতিত ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নলবাৰীৰ বিজেপি নেতাৰ কু-কৰ্ম ফাদিল ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ শীৰ্ষ বিজেপি নেতাৰ লজ্জাজনক কাণ্ড(Nalbari News)৷

আৰম্ভ হৈ গ’ল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ৷ এই সময়তে নলবাৰীৰ টিহু সমষ্টিৰ মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ এটি অডিঅ ক্নিপে আউল লগাইছে বিজেপিক ৷

যিটো অডিঅ ক্লিপত এগৰাকী মহিলাক ফোনযোগে অশ্লীল ইংগিত প্ৰদান কৰিছে এইগৰাকী শৈলেন্দ্ৰ কলিতাই ৷

এবাৰ ভালদৰে শুনি লওক টেলিফোনিক বাৰ্তালাপটো ৷

এয়াই বিজেপি নেতাৰ চৰিত্ৰ নেকি ?বেটি বাচাও বেটি পঢ়াই শ্লোগানেৰে মহিলাক সুৰক্ষা প্ৰদানত সফল হোৱা বুলি ঢাক ঢোল বজোৱা বিজেপি নেতাৰে যদি এই চৰিত্ৰ হয় তেন্তে মহিলাৰ সুৰক্ষা ক’ত বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷

ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে পূৰ্বৰ নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰক দাখিল কৰিছিল লিখিত অভিযোগ ৷

কিন্তু অতি লক্ষনীয়ভাৱে সভাপতিগৰাকীয়ে গ্ৰহন নকৰিলে একো ব্যৱস্থা ৷

এতিয়া প্ৰশ্ন হ ‘ল বৰ্তমানৰ সভাপতি জয়স্ত বুজৰবৰুৱাই এইগৰাকী শৈলেন্দ্ৰ কলিতাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহন কৰিব নে ?

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ বিজেপি নেতাৰ এই কু-কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব নে পাটোৱাৰীয়ে ?

পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ৷

লগতে পঢ়ক : WATCH | RHAC Election Counting Day : আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা