WATCH | Nalbari News : স্বাধীনোত্তৰ কালত বিৰিণাৰ পাত আৰু খাগৰিৰে নিৰ্মাণ কৰা বৰক্ষেত্ৰীৰ এটা বিশেষ নামঘৰ!
নলবাৰী,৯মাৰ্চ : স্বাধীনোত্তৰ কালত বিৰিণাৰ পাত আৰু খাগৰিৰে নিৰ্মাণ কৰা বৰক্ষেত্ৰীৰ এটা বিশেষ নামঘৰ!
কেৱলমাত্ৰ ১৮ ঘৰ স্থানীয় লোকৰ দান বৰঙণি আৰু বিধায়ক দিগন্ত বৰ্মণৰ বিধায়ক পুঁজিৰ ধনেৰে নিৰ্মান কৰা এটি আটকধুনীয়া নামঘৰ।
পুৰাণ আখিয়া গোপাল নামঘৰত আজি নৱনিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হয়(Nalbari News)।
বিধায়ক দিগন্ত বৰ্মণক একমুখে প্ৰসংশা গাওঁবাসীৰ।
১৯১০ চনত স্থাপিত হোৱা নামঘৰটো পুনৰ ন ৰূপত প্ৰতিস্থা কৰিলে গাঁওবাসীয়ে। ২৪ ফাগুণ ৯ মার্চ ২০২৫ ইং বৰ্ষৰ ৰবিবাৰটো গাওঁবাসীৰ বাবে হৈ থাকিব চিৰস্মৰণীয়।
নিশা ৭ বজাত নাগাৰা নাম পৰিৱেশন কৰিব ৰঙিয়া বালিসত্ৰৰ বিনয় ৰাজকুমাৰে।
লগতে পঢ়ক :WATCH | Sarupathar News: সৰুপথাৰ সম জিলাৰ বৰপথাৰত চাঁওতাল জনগোষ্ঠী সকলৰ বাহা সন্মিলন