WATCH | Nalbari News : আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষে কাপলাবড়ীত আন্তজাৰ্তিক নাৰী দিৱস উদযাপন
নলবাৰী,৮মাৰ্চ : আজি ৮ মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস। নাৰীসকলৰ ত্যাগ, ধৈৰ্য, আত্মবলিদান তথা সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ স্বীকৃতিৰ প্ৰতি উৎসৰ্গিত এটা দিন।
আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষ্যে কাপলাবড়ীত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ত্ৰিদেৱী মণ্ডল পৰ্যায়ৰ সংগঠন( CLF)ৰ উদ্যোগত আন্তজাৰ্তিক নাৰী দিৱস উদযাপন কাৰ্য্যসূচী ৰূপায়ন কৰে(Nalbari News)।
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে শোভাযাত্ৰা কাৰ্য্যসূচী ৰূপায়ন কৰে মহিলাসকলে। বাল্য বিবাহ ৰোধ কৰা, নাৰী নিৰ্যাতন ৰোধ কৰা, ড্ৰাগছ সেৱন বন্ধ কৰা, মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, নাৰীক সম অধিকাৰ প্ৰদান কৰা আদি বিভিন্ন দাবীৰে কঁপাই তোলে সমগ্ৰ বৰক্ষেত্ৰী অঞ্চল।
লগতে পঢ়ক : WATCH | Nagarbera News: পৱিত্ৰ ৰমজান মাহত আপোনাক কি খোৱাইছে এই সকল মানুহৰূপী দানৱে ?