Local, Vocal, Global

WATCH |Nalbari News: নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত ট্ৰেক্টৰৰ দৌৰত্ম!

নলবাৰী,৪মাৰ্চ : নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া একাংশ ট্ৰেক্টৰৰ দৌৰাত্ম চলিছে।

উল্লেখ্য যে নলবাৰীৰ বিভিন্ন উপপথত ট্ৰেক্টৰেৰে বালি মাটি কঢ়িয়াই নিয়া দেখা যায়। কিন্তু এই ট্ৰেক্টৰসমূহে বিভাগীয় নীতি নিৰ্দেশনা অমান্য কৰি জধে-মধে নদীৰ বুকুৰ পৰা বালি মাটি কঢ়িয়াই নিয়াৰ ফলত অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। এই ট্ৰেক্টৰসমূহে বিভাগীয় নিয়ম অনুসৰি পানী ছটিয়াই ট্ৰিপালেৰে আবৰি মাটি কঢ়িয়াই নিব লাগে যদিও নলবাৰীৰ কোনো এটা প্ৰান্তত তেনে এক সুস্থিৰ পৰিৱেশ মানি নচলাৰ ফলত স্থানীয় লোকসকলৰ লগতে বিভিন্ন প্ৰান্তলৈ অহা- যোৱা কৰা পথচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে।

বিশেষকৈ নলবাৰীৰ বৰক্ষেত্ৰীৰ চতেমাৰী গাঁওৰ ৰাইজে একত্ৰিত হৈ এই কাৰ্য্য ৰোধ কৰিবলৈ জিলা প্ৰশাসনক অনুৰোধ জনোৱাৰ পিছতেই স্থানীয় আৰক্ষীয়ে এই কাৰ্য্য ৰোধ কৰিবলৈ বাধা প্ৰদান কৰাৰ পিছতো অঞ্চলটোত ট্ৰেক্টৰৰ দৌৰাত্ম কমা নাই(Nalbari News)।

আনহাতে,উক্ত অঞ্চলটোত থকা আভ্যন্তৰীন জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলেও ধূলিময় পৰিবেশত নিজৰ নিজৰ দায়িত্ব পালনত অসুবিধাৰ সম্মুখীন হৈ আহিছে। আনহাতে, কাৰ্যালয়টোৰ কাষতে থকা প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলো অসুবিধাৰ সম্মুখীন হৈ আহিছে। ৰাইজে অনতিপলমে জিলা প্ৰশাসনক এই কাৰ্য্য ৰোধ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : Watch | Mushalpur News : বাক্সাৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা