WATCH | Nalbari News : একাংশ বিধ্বস্ত পথে জলা-কলা খুৱাইছে নলবাৰীবাসীক
নলবাৰী,৩মাৰ্চ : একাংশ বিধ্বস্ত পথে জলা-কলা খুৱাইছে নলবাৰীবাসীক। মুকালমুৱা-জাগাৰা-বনগাঁও পথৰ দুৰৱস্থা। জৰাজীৰ্ণ পথসমূহৰ বাবে ৰাইজে ভুগি আহিছে দুৰ্ভোগ। শীঘ্ৰে পথসমূহ মেৰামতি কৰাৰ দাবী ৰাইজৰ।
নলবাৰী উন্নয়নৰ কথা কোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিজেপি চৰকাৰৰ দিনত চৰাঞ্চল সদৃশ পথ! অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত পথত ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ ফলত দুৰ্ভোগ পথচাৰীৰ! ব্যস্ত আধৰুৱা পথত ধূলি উৰি চৰাঞ্চল সদৃশ পৰিৱেশ। নলবাৰীৰ উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত মুকালমুৱাৰ চাউলখোৱা- আহতা কুটনিকুছিত পথত বাগৰি পৰিল বাইক(Nalbari News)।
ৰাইজৰ প্ৰশ্ন কেতিয়া মেৰামতি কৰা হ’ব ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথআৰু ৯ নং ৰাজ্যিক ঘাইপথ সংযোগী পথটো।
লগতে পঢ়ক :WATCH | Himanta Biswa Sarma: ‘হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লাভ নাই, আপোনাতকৈ বহুত ওপৰত মই’