Local, Vocal, Global

NAGOAN ADVANTAGE ASSAM 2.0: নগাঁৱত Advantage Assam 2.0 শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ

৮ফেব্ৰুৱাৰী ২০২৫, নগাঁও :ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে নগাঁৱতো অসম চৰকাৰৰ দ্বাৰা আয়োজিত Advantage Assam 2.0 (Investment & Infrastructure Summit) শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ। নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দ্ৰু পালৰ উপস্থিতিত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰা হয় এখন কৰ্মশালা। কৰ্মশালাখনিত অংশগ্ৰহণ কৰে তিনিও জিলাৰে পৰা অহা উদ্যোগী, ব্যৱসায়ী, বিনিয়োগকাৰী, উদ্যোগীক সংগঠন, ব্যৱসায়ীক সংগঠন, আত্মসহায়ক গোটৰ দুই সহস্ৰাধিক সদস্য-সদস্যায়ে। উল্লেখযোগ্য যে, অভিভাৱক মন্ত্ৰী হিচাবে দ্বায়িত্ব গ্ৰহণ কৰি পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীত উপস্থিত থাকে কৃষ্ণেন্দ্ৰু পাল। শীঘ্ৰেই ইচ্ছুক উদ্যোগী, ব্যৱসায়ী তথা বিনিয়োগকাৰী সকলক সংশ্লিষ্ট চৰকাৰী পৰ্টেলত নিজৰ প্ৰতিষ্ঠানখন পঞ্জীয়ন কৰিবৰ বাবে জনায় আহ্বান।