WATCH | Nagerbera News : চেঙা সমষ্টিৰ পঞ্চম মাজৰচৰ খাটিয়ামাৰী এম ই মাদ্ৰাছাৰ ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ

নগৰবেৰা,৭মে’ : চেঙা সমষ্টিৰ পঞ্চম মাজৰচৰ খাটিয়ামাৰী এম ই মাদ্ৰাছা প্ৰাংগণত জালিয়াতিৰে ভোট দিব নিদিয়াৰ বাবেই একাংশই ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷
জানিব পৰা মতে, মনিৰুল ওৰফে দিদাৰে পিতৃ দৰৱেশ আলীৰ অনুপস্থিত নিজে ভোটদান কৰিব অহাত বিষয়া সকলোৰ বয়সৰ তাৰতম্যৰ সন্দেহ উপজাত বিষয়া আৰু এজেন্ট সকলোৰ তৎপৰতাত সংশ্লিষ্ট ব্যক্তিজনে Proxy Vote দিব নিদিয়াত বাহিৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে একাংশ স্থানীয় ৰাইজৰ লগতে ভোট কেন্দ্ৰৰ পলিং এজেণ্টে(Nagerbera News)৷
উল্লেখ যোগ্য যে, হুলস্থুল কৰা সকলোৰে পলিং এজেণ্ট দিছিল মনিৰুল ওৰফে দিদাৰক ৷ যদিও কিবা কাৰণবশত সংশ্লিষ্ট ব্যক্তিজন এজেন্ট হ’ব পৰা নাছিল৷
সেয়েহে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত বিচৰাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷