WATCH | Nagerbera News : এগৰাকী দৰিদ্ৰ প্ৰাৰ্থীক গাঁৱবাসীয়ে দান বৰঙণি দি অৱতীৰ্ণ কৰাইছে পঞ্চায়ত নিৰ্বাচনত
নগৰবেৰা,২৭এপ্ৰিল : এগৰাকী দৰিদ্ৰ প্ৰাৰ্থীক গাঁওবাসীয়ে দান বৰঙণি দি অৱতীৰ্ণ কৰাইছে পঞ্চায়ত নিৰ্বাচনত । চেঙা সমষ্টিৰ ৮৬ নং খোলাবান্ধা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্য পদত নিৰ্বাচন খেলা ময়ান উদ্দিনক এনেদৰেই ভোটাৰ ৰাইজে দান দক্ষিণা দি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ প্ৰয়াস কৰিছে।
গাঁওখনৰ দুই শতাধিক পুৰুষ মহিলাই দৰিদ্ৰ ময়ান উদ্দিনৰ হৈ এক সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায়(Nagerbera News)।
সাধাৰণ ৱাৰ্ড সদস্যৰ নিৰ্বাচনৰ নামত একাংশ প্ৰাৰ্থীয়ে লাখ লাখ টকা ব্যয় কৰি ভোটাৰৰ হাতে ভৰিয়ে ধৰি ভোট ভিক্ষা কৰা সময়তে এগৰাকী দৰিদ্ৰ প্ৰাৰ্থীক জিকাই আনিবলৈ ভোটাৰে দান দক্ষিণা দিয়া ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।