Local, Vocal, Global

Nagas tactical aggression is in the assam land:অসম ভূমিত অব্যাহত আছে নগাৰ কৌশলী আগ্ৰাসন

নিউজ ডেস্ক,১৭ডিচেম্বৰ : অসম ভূমিত অব্যাহত আছে নগাৰ কৌশলী আগ্ৰাসন। পুনৰ অসম -নগালেণ্ড সীমান্ত অঞ্চলটোৰ ২ নং ওপৰ তৰানি গাঁৱত নগাই আৰম্ভ কৰিছে ব্যাপক বেদখল।

শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগদখলত থকা এটা টিলাৰ গছ গছনি কাটি তহিলং কৰিছে। দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই থকাৰ কথা জানিব পৰা গৈছে।

নগাৰ এনে বেদখল কাৰ্য্যক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই ভাবুকিহে প্ৰদান কৰিছে। অৱশ্যে সোমবাৰে কেৰকেটাৰ অভিযোগৰ ভিত্তিত নিৰপেক্ষ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত বেদখলকাৰী নগাৰ দলটো আঁতৰি যায়(Nagas tactical aggression is in the assam land)।

উল্লেখযোগ্য যে, শেহতীয়াকৈ মেৰাপানী সীমান্তৰ গড়বস্তি, ইন্দ্ৰপুৰ, ওপৰ তৰানি আদি গাঁৱত নগাই বিভিন্ন কৌশলেৰে অসমভূমি বেদখল কৰাৰ বাবে উঠি পৰি লাগিছে।

লগতে পঢ়ক:Assam CM begins three-day tour to Bhutan:তিনিদিনীয়া কাৰ্যসূচীৰে ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা