WATCH | Nagarbera News: পৱিত্ৰ ৰমজান মাহত আপোনাক কি খোৱাইছে এই সকল মানুহৰূপী দানৱে ?
নগৰবেৰা,৮মাৰ্চ : ধিক! এই সকল মানৱক। পৱিত্ৰ ৰমজান মাহত আপোনাক কি খোৱাইছে এই সকল মানুহৰূপী দানৱে ?
ঘটনাটো শুনিলে আপুনিও ঘৃণা কৰিব এনে মানুহক।পৱিত্ৰ মাহত একাংশ ইছলাম ধৰ্মী মানুহক আন একাংশ ইছলাম ধৰ্মী মানুহ ৰূপী দানৱে গো মাংস বুলি দীৰ্ঘদিনৰ খোৱাই আহিছে ঘোৰাৰ মাংস।
ঘটনা বৰপেটা জিলাৰ বাঘমাৰা চৰৰ। চেঙাৰ বাঘমাৰাচৰত ঘোঁৰাৰ মাংস বিক্ৰী কৰাৰ সন্দেহত তিনিজনকৈ লোকক ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই।
অভিযোগ অনুসৰি, কিছুদিন ধৰি এটা চক্ৰই অতি গোপনে। জংঘলত ঘোঁৰা কাটি গো- মাংসৰ লগত মিহলাই বিক্ৰী কৰি আহিছে(Nagarbera News)।
ৰাইজৰ বহু দিনৰ পৰাই সন্দেহ উপজিছিল। কিন্তু হাতে লোটে ধৰিব পৰা নাই। আজি সুখোৱাঝাৰ গাঁৱৰ তিনি দানৱে ৬টাকৈ ঘোৰা এখন টেম্প গাড়ীৰে ছয়টাকৈ ঘোঁৰা কঢ়িয়াই লৈ যোৱা সময়তেই ৰাইজে আটক কৰে।
তিনি দানৱক আটক কৰাৰ বিয়পি পৰাৰ পাছতেই সমাগম হয় শতাধিক লোকৰ । ৰাইজে কৰায়ক্ত কৰি বাঘমাৰা চৰৰ বজাৰ কমিটিৰ গৃহত বন্দী কৰি থৈ দিয়ে। এই ঘটনাক লৈ বাঘমাৰচৰ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত ছয়টা ঘোঁৰাসহ সৰবৰাহকাৰী তিনিটাক আলোপতিচৰ আৰক্ষীক গতাই দিয়ে ৰাইজে।
লগতে পঢ়ক :WATCH | Sensational incident : চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড