WATCH | Nagarbera News: ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছে মাছ-মাংসৰ চাহিদা
নগৰবেৰা,২মাৰ্চ : ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাইছে মাছ, মাংসৰ।
এয়া নগৰবেৰা মাছৰ বজাৰৰ দৃশ্য। কামৰূপ জিলাৰ থলুৱা মাছৰ অন্যতম বজাৰখনত উপলব্ধ হৈছে বিধে বিধে থলুৱা মাছ। আৰি, বৰালি, চিতল, ভকুৱা, মিৰিকা আদিৰে ভৰি পৰিছে নগৰবেৰা মাছৰ বজাৰ। পৱিত্ৰ ৰমজানৰ প্ৰথমটো ৰোজাৰ চেহেৰীত এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে নিজৰ পছন্দৰ মাছ ক্ৰয় কৰিবলৈ ভীৰ কৰিছে ক্ৰেতাই। একেই পৰিৱেশ মাংসৰ বজাৰতো(Nagarbera News)।
ৰমজান মাহত অত্যধিক চাহিদা বৃদ্ধি হোৱাৰ বাবেই আংশিকভাৱে মাছ, মাংসৰ দাম বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰিছে একাংশ ক্ৰেতাই। অৱশ্যে এয়া স্বাভাৱিক বুলিও ব্যক্ত কৰিছে একাংশ লোকে।
লগতে পঢ়ক :WATCH | Gossaigaon News : ধৰ্মীয় সংখ্যালঘু পৰিষদৰ অন্থাইবাৰী আঞ্চলিক সমিতি গঠন