Nagarbera News:আলু খেতি কৰি সৰ্বস্বান্ত হৈছে দক্ষিণ বৰপেটাৰ কৃষক
নগৰবেৰা,১০ফেব্ৰুৱাৰী : এইবাৰ আলু খেতি কৰি সৰ্বস্বান্ত হৈছে দক্ষিণ বৰপেটাৰ কৃষক। বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে আলু অসমত প্ৰৱেশ কৰা বাবেই হোৰা হোৰে কমিছে আলুৰ পাইকাৰী মূল্য।
এনে পৰিস্থিতিত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ কৃষক সকল।
একাংশ কৃষকে জনোৱা মতে, বাট-পথৰ দুৰৱস্থাৰ বাবে কামৰূপৰ নগৰবেৰা আৰু গোৱালপাৰাৰ নৱাগত শিমলীতোলা বজাৰত নাহে দূৰ-দূৰণিৰ পাইকাৰী ব্যৱসায়ী। তদুপৰি বহিঃৰাজ্যৰ পৰাও দৈনিক অসমত প্ৰৱেশ কৰিছে বৃহৎ পৰিমাণৰ আলু। যাৰ বাবে ৭০০-৮০০ টকা কুইন্টলত আলু বিক্ৰী কৰি লোকচানৰ সন্মুখীন হৈছে কৃষক সকল। আলুৰ পাইকাৰী বজাৰ মূল্য অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ পাছতো চৰকাৰে গুৰুত্ত্ব নিদিয়াত ক্ষোভ ব্যক্ত কৰিছে ভূক্তভোগী কৃষকে(Nagarbera News)।
শীঘ্ৰে আলুৰ ন্যূনতম পাইকাৰী মূল্য নিৰ্ধাৰণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে কৃষকসকলে।
লগতে পঢ়ক :Sensational incident: স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীৰ চৰমপন্থা; হাতত লিখিলে ছুইচাইড নোট