Local, Vocal, Global

Nagarbera News :নগৰবেৰা মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ

নগৰবেৰা,২০ জানুৱাৰী : নগৰবেৰা মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ। এক উদুলি মুদুলি পৰিৱেশত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন শতবৰ্ষ সমাৰোহ।

বৃহত্তৰ নগৰবেৰা অঞ্চলৰ উন্নয়ণৰ উদ্দেশ্যে ১৯২৩ চনত গঠণ হোৱা নগৰবেৰা মৌজা কমিটিয়ে শতবৰ্ষ গৰকাত এই সমাৰোহৰ আয়োজন কৰা হয়। পুৱা মৌজা কমিটিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই মূল পতাকা উত্তোলন কৰাৰ পাছতে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত ১০২ গৰাকী বিশিষ্ট ব্যক্তিয়ে ১০২ খন সহযোগী পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

শ্বহীদ তৰ্পন, গছপুলি ৰোপনৰ পিছতে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা(Nagarbera News)।

অৱসৰপ্ৰাপ্ত শিক্ষক জগদীশ দাসে উন্মোচন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি, ভাষা-ভাষীৰ লোক সকলে নিজস্ব কৃষ্টি প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰে। মুকলি সভাত স্মৰণিকা উন্মোচন কৰে নগৰবেৰা ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই ।

লগতে পঢ়ক :Dergaon News:সাত বছৰীয়া এটি মৰমলগা কণমানিৰ জীৱন গাঁথা