Nagarbera News :চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ;পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ
নগৰবেৰা,৩০ডিচেম্বৰ : পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ পিছত চেঙা সমিষ্টিৰ ৭২ নং বাঘমাৰাচৰ গাওঁ পঞ্চায়তৰ ভোটাৰ তালিকাত যথেষ্ঠ বিসংগতি হোৱাত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে একাংশ ভোটাৰ(Nagarbera News)৷
কিয়নো পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ পিছত পঞ্চায়তটোৰ ৪,৫ আৰু ৬ নং ৱাৰ্ডৰ প্ৰায় ২৫০ টা পৰিয়াল পঞ্চায়তটোৰ কেবাটাও ৱাৰ্ডৰ ভোটাৰ তালিকাত থকাত বিমোৰত পৰিছে পৰিয়াল কেইটা৷
ইতিমধ্যে বিষয়টো সন্ধৰ্ভত মন্দিয়া উন্নয়ন খণ্ড বিষয়াক অৱগত কৰাৰ পিছতে পঞ্চায়ত খনতে পুনৰাই হিয়াৰিংৰ ব্যৱস্থা কৰে যদিও সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে ভোটাৰ তালিকাৰ আসোৱাহ পূৰ্বতকৈ বেছি হোৱা বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰে৷
সংশ্লিষ্ট উন্নয়ন খণ্ড বিষয়া আৰু পঞ্চায়ত সচিবৰ লগতে বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবেই ভোটাৰ তালিকাত এনে বিসংগতি হোৱাৰ কথা অভিযোগ কৰে স্থানীয় ৰাইজে৷
সেয়ে উপায়ন্তৰ হৈ ভুক্তভোগী একাংশ ৰাইজে পঞ্চায়ত কাৰ্যালয়তে পঞ্চায়ত বিভাগ হায় হায়,ভোটাৰ তালিকাৰ বিসংগতি দূৰ কৰক,শুদ্ধ ভোটাৰ তালিকা দিয়াৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷লগতে পঞ্চায়ত নিৰ্বাচনৰ আগতে ভোটাৰ তালিকাৰ বিসংগতি দূৰ কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ বিভাগীয় ঊৰ্ধতম বিষয়াক দাবী জনায়৷
লগতে পঢ়ক :Elephant menace in Kaliabor:কলিয়াবৰ বিভিন্ন অঞ্চলত গজৰাজৰ উপদ্ৰৱ