WATCH | Nagarbera News : বিৰোধী ঐক্যমঞ্চ গঠন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ
নগৰবেৰা,২৬জুন : কংগ্ৰেছৰ প্ৰতি যেন কিছু নৰম হৈছে বিধায়ক শ্বেৰমান আলী আহমেদ । বিৰোধী ঐক্যমঞ্চ গঠন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে ।
বিজেপিৰ স্বৈৰাচাৰী শাসনৰ ওৰ পেলাবলৈ হ’লে কংগ্ৰেছৰ নেতৃত্বতে ঐক্যমঞ্চ গঠন হ’ব লাগিব বুলি কয় বিধায়ক গৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কয়-হিমন্ত বিশ্ব শৰ্মাই RSS ৰ নিৰ্দেশত এটা জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ আন এটা জনগোষ্ঠীক অত্যাচাৰ, নিৰ্যাতন চলাই ৰাজনীতি কৰি আছে(Nagarbera News)।
ইপিনে ৰাজ্য চৰকাৰে চেঙাৰ ভাতনাপাইতি মহিশখুটি এম ই মাদ্ৰাছা খন উচ্চ মাধ্যমিক বিদ্যালয় লৈ উন্নীতকৰণ কৰাৰ পাছতে বিদ্যালয়খনৰ ১ কোটি ৬১ লাখ টকীয়া নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলক শপত খুৱায় বিধায়ক শ্বেৰমান আলী আহমেদে।
ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষিত হৈ ভাল মানুহ হ’বলৈ শপত খুৱায় বিধায়ক গৰাকীয়ে।
লগতে পঢ়ক : WATCH | Hatsingmari News : বৰলুইতৰ ভয়ংকৰ ৰূপ