Local, Vocal, Global

WATCH | Nagarbera News : ভূত বাংলোত পৰিণত হৈছে নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল বেৰেক

নগৰবেৰা,৬এপ্ৰিল : ভূত বাংলোত পৰিণত হৈছে নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল বেৰেক।

চৰকাৰৰ অৱহেলাৰ বাবেই সম্প্ৰতি জহি খহি লাট মণ্ডল বেৰেক(Nagarbera News)৷

দীৰ্ঘদিন ধৰি কোটি টকীয়া গৃহটো ভাঙি ছিঙি শোচনীয় হৈ পৰাৰ পাছতো পুনঃনিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সম্প্ৰতি গৃহটো হাবি জংঘলে আৱৰি ধৰিছে।

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল বেৰেকটো শোচনীয় হৈ পৰাত বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈছে বিষয়া কৰ্মচাৰীসকল ৷

শীঘ্ৰে মণ্ডল বেৰেকটো পুনঃনিৰ্মাণ কৰিবলৈ ৰাজহমন্ত্ৰীৰ লগতে জিলা আয়ুক্তৰ বিভাগীয় ঊৰ্ধতম বিষয়াক দাবী জনাইছে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলে ৷

লগতে পঢ়ক : WATCH | Assam Panchayat Election 2025: বৰক্ষেত্ৰীত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰণডংকা