Bicycle collapsed : ৰাজ্যৰ শিক্ষা বিভাগে কিমান গুৰুত্ব দিয়ে চৰকাৰী আচঁনিত

নগাঁও ,২১ছেপ্টেম্বৰ : ৰাজ্যৰ শিক্ষা বিভাগে কিমান গুৰুত্ব দিয়ে চৰকাৰী আচঁনিত ৷ বহুদিন ধৰি ৰ’দ-বৰষুনত তিতিছে আৱন্তিত চাইকেল ৷ কাৰ ভুলৰ বাবে ছাত্ৰ ছাত্ৰীৰ সপোনৰ এই দুৰৱস্থা(
Bicycle collapsed) ৷
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নৱম শ্ৰেণীৰ ছাত্ৰীলৈ বিতৰণ কৰিব লগা এক বৃহৎ সংখ্যক চাইকেল নগাঁৱত দীৰ্ঘদিন ধৰি ৰ’দে-বৰষুণে পৰি থকা ঘটনাই এতিয়াই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুকলি আকাশত তলত পেলাই থৈছে চাইকেল সমূহ(Nagaon the bicycle brought for the student has collapsed)।
শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা অনুসৰি, নগাঁও জিলাৰ ২৪৩ খন উচ্চ মাধ্যমিক আৰু ৬৩ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিপৰীতে এই চাইকেলসমূহ বিতৰণ কৰিবৰ বাবে ৰখাই থোৱা হৈছে।
বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অৰ্থাৎ ২০২২-২৩ বৰ্ষৰ বাবে আবন্টিত জিলাখনৰ মুঠ ২৭৬ খন শিক্ষানুষ্ঠানৰ প্ৰায় কুৰি সহস্ৰাধিক ছাত্ৰীৰ মাজত এই চাইকেলসমুহ বিতৰণ কৰা হ’ব।
ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই হিতাধিকাৰীৰ তালিকাসমূহ জিলা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। এই তালিকাসমূহৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাই জিলাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে চাইকেলসমূহ প্ৰেৰণ কৰিছে।
এইদৰে নগাঁও জিলাৰ বিদ্যালয়সমূহলৈয়ো নিৰ্দিষ্ট পৰিমাণৰ চাইকেল প্ৰেৰণ কৰা হৈছে। এইখিনিলৈ ঠিকেই আছে। কিন্তু আচৰ্যজনক বিষয় এই যে, বিগত প্ৰায় এমাহ দিন ধৰি জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহলৈ বিতৰণ কৰিব লগা চাইকেল নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদৰ মুকলি পথাৰত ৰখাই থোৱা হৈছে। ফলত ৰ’দে-বৰষুণে কেইবা সহস্ৰাধিক চাইকেলত মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। আনকি বহু চাইকেলৰ টায়াৰ, টিউব ৰ’দত বিষ্ফোৰণ হৈছে ৷
উল্লেখ্য যে, একেদৰে জিলাখনৰ প্ৰতিটো প্ৰাথমিক শিক্ষা খণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত দীৰ্ঘদিন ধৰি চাইকেলসমূহ মুকলি আকাশৰ তলত পেলাই থোৱাৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, নগাঁৱত মন্ত্ৰী-বিধায়কৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে এই চাইকেলসমূহ আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কাৰ্যসূচীৰ পিছতহে ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। ইয়াৰ বাবে দিন-বাৰ এতিয়াও ঠিক কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন তথা শিক্ষা বিভাগে।ফলত এই চাইকেলসমূহ বিদ্যালয় কৰ্তৃপক্ষলৈ এই পৰ্যন্ত প্ৰেৰণ কৰিব পৰা নাই।
লগতে পঢ়ক :Dilapidated bridge : ২০ লাখ টকাৰ এখন দলং; মাত্ৰ ৩ বছৰতে খহি পৰিল দলঙখন