Local, Vocal, Global

Nagaon Teacher arrested: HSপৰীক্ষাৰ প্ৰথম দিনটোতে ছাত্ৰক নকল যোগান ধৰি আটক শিক্ষক

১৪ ফেব্ৰুৱাৰী ২০২৫, চামগুৰি: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই অথন্তৰ চামগুৰি পৰীক্ষা কেন্দ্ৰত।পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই ছাত্ৰক নকল যোগান ধৰি আটক হ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুজন শিক্ষকৰ লগতে আন এজন যুৱক।চামগুৰিৰ পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰী সকলে প্ৰৱেশ কৰাৰ পিছতেই পৰীক্ষা কেন্দ্ৰৰ বাৰুণ্ডাৰী ৱাল পাৰ কৰি নকল যোগান ধৰোতেই কেন্দ্ৰটোৰ সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষীৰ লোকে আটক কৰে তিনিওজন যুৱকক।আটক হোৱা শিক্ষক দুজন হৈছে খলিহামাৰী অধ্যয়ন একাডেমীৰ জীয়াৰুল ইছলাম আৰু ইজাজুল ইছলাম লগতে আটক হোৱা আন জন যুৱকৰ নাম হৈছে মেৰাজুল হক।আটক কৰা যুৱক কেইজনক বৰ্তমান চামগুৰি আৰক্ষীয়ে থানাত সোধপোচ অব্যাহত ৰাখিছে।এই ঘটনাৰ লগত চামগুৰিৰ মোৱামাৰিৰ ৰমজান নামৰ আন এজন শিক্ষক জড়িত থকাৰ কথা স্বীকাৰ কৰে আটক কৰা যুৱক কেইজনে।