Nagaon Rehab Center : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ?
নগাঁও,৬আগষ্ট : ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে(Nagaon Rehab Center) ৷
পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। এইবাৰ নগাঁৱত মৃত্য়ু যুৱকৰ ।
নগাঁৱত চাঞ্চল্যকৰ ঘটনা । নগাঁৱৰ ৰিহেব চেণ্টাৰত এজনৰ ৰহস্যজনক মৃত্যু । সোমবাৰে নিশা মৃত্যু হয় যুৱকজনৰ । মৃত্যু হোৱা যুৱকজন হুজগাৱঁৰ দিপু দাস ।
জানিব পৰা মতে,এমাহ পূৰ্বে দিপু দাসক পৰিয়ালৰ লোকে ৰিহেব চেণ্টাৰত ভৰ্তি কৰাইছিল । কিন্তু সোমবাৰে নিশা হঠাতে ৰহস্যজনকভাৱে যুৱকজনৰ মৃত্যুক লৈ নগাঁও চহৰৰ বৰভেটিত অৱস্থিত লাইট- আফ ৰিহেব চেণ্টাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ(Nagaon Rehab Center) ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে চেণ্টাৰটোৰ স্বত্বাধিকাৰী গুলজাৰ হুছেইনৰ পলায়ন কৰে ।