Local, Vocal, Global

Nagaon police seized drugs : পৰিত্যক্ত বাহনৰ পৰা জব্দ ৫৫০ গ্ৰাম হেৰ’ইন।

নিউজ ডেস্ক,৩০মাৰ্চ : পৰিত্যক্ত বাহনৰ পৰা জব্দ ৫৫০ গ্ৰাম হেৰ’ইন।

শুকুৰবাৰে নগাঁও আৰক্ষীয়ে পুনৰ নগাঁও চহৰৰ সমীপৱৰ্তী আমতলত এখন পৰিত্যক্ত বাহনৰ পৰা ৫০টা চাবোনৰ বাকচত অনা ৫৫০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, AS01AH4226 নম্বৰৰ এখন বাহনত মণিপুৰৰ পৰা নগাঁৱলৈ ড্ৰাগছ সৰবৰাহৰ খবৰ পায় নগাঁও আৰক্ষীয়ে আমতলত নাকা চেকিঙৰ ব্যৱস্থা কৰে। ইয়াৰ পিছতে হঠাৎ এখন ক’লা ৰঙৰ ছেণ্ট্ৰ’ বাহন এৰি এজন লোকে পলায়ন কৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে(Nagaon police seized drugs )।

প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়া ঘটনাস্থলীত উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি নগাঁও সদৰ থানালৈ লৈ আনে।

নগাঁও সদৰ থানাত মেকানিকৰ সহায়ত আৰক্ষীয়ে বাহনখনৰ বিভিন্ন অংশ খুলি ৫০টা চাবোনৰ বাকচত অনা ৫৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে।

জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় ১ কোটি ২০ লাখ টকা। আৰক্ষী নিৰ্বাচনী কৰ্তব্যত ব্যস্ত থকাৰ সুযোগ লৈ ম্যানমাৰ সীমান্তৰ মণিপুৰ আৰু নাগালেণ্ডৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহৰ বাবে তৎপৰ হৈছে নগাঁৱৰ একাংশ কুখ্যাত ড্ৰাগছ মাফিয়া। কিন্তু নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই বিগত সপ্তাহটোত প্ৰায় ২ কোটি ৬ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে(Nagaon police seized drugs )।

লগতে পঢ়ক : Man Allegedly Attempts to Kill Wife in Silchar : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি