Watch | Nagaon Patanjali Yova Bharat East Assam: ধিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনত আয়ুবেদ নেচাৰ থেৰাপি কৰ্মশালা অনুষ্ঠিত

নগাঁও : নগাঁও জিলা ধিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনত Patanjali Yova Bharat East Assam ৰ উদ্যোগত আৰু ধিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনৰ সহযোগত আয়ুবেদ নেচাৰ থেৰাপি এদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । কৰ্মশালা খনি আৰম্ভণিতে স্বামী শিৱানন্দ সৰস্বতীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পূৰ্বাঞ্চল যোগ নিকেতনৰ কাৰ্যকৰী সভাপতি বিপুল বৰাই ।
নগাওঁ আৰু মৰিগাঁও জিলাৰ প্ৰায় শতাধিক ছাত্র-ছাত্রী আৰু অভিভাৱক সকলে অংশ গ্ৰহণ কৰা কৰ্মশালা খনিত প্ৰশিক্ষক হিচাপে গুৱাহাটীৰ মানস শৰ্মা আৰু ৰাহুল সৰকাৰ উপস্হিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ।
ভাৰতীয় যি পৌৰাণিক চিকিৎসা পদ্ধতিৰ বিষয়ে প্ৰশিক্ষক মানস শৰ্মাই কয় যে আমাৰ শৰীৰত দেখা দিয়া ৰোগ সমূহ আয়ুবেদ ,যোগাসন, নেচাৰ থেৰাপি, মাড থেৰাপি, মৰ্ম থেৰাপি ,হাইড্ৰ থেৰাপিৰ জৰিয়তে নিৰাময় কৰিব পাৰি তাক কৰি দেখুৱাই ।
কৰ্মশালা খনিত পূৰ্বাঞ্চল যোগ নিকেতনৰ সম্পাদক সঞ্জীৱ দাসে যোগাসনৰ জড়িয়তে শৰীৰত দেখা দিয়া বিভিন্ন ৰোগ কেনেধৰণেৰে নিৰাময় কৰিব পাৰি সেই বিষয়ে বক্তব্য দাঙি ধৰে ।কৰ্মশালা খনিত পূৰ্বাঞ্চল যোগ নিকেতনৰ হেম কান্ত নাথ, গীতা তালুকদাৰ, অঞ্জনা তালুকদাৰ, নিলিমা ৰয় মালাকাৰ আৰু ৰঞ্জনা বৰা উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ।